ETV Bharat / state

শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ - Police arrested 4 member of Lachit Sena

বীৰ লাচিত সেনাৰ চাৰিগৰাকীকৈ সদস্যক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক লৈ সৰৱ সংগঠনটোৰ কৰ্মকৰ্তা(Police arrested 4 member of Lachit Sena) । শিৱসাগৰত সংবাদমেল সম্বোধন কৰি সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই চৰকাৰৰ এনে কাণ্ডৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান নিক্ষেপ কৰে(Press meet of Lachit Sena) । অসম চৰকাৰৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদো সাব্যস্ত কৰে সেনাৰ কৰ্মকৰ্তা সকলে(Lachit Sena Protest in Sivsagar) ।

lachit sena protest in sivsagar
শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ
author img

By

Published : Sep 4, 2022, 4:51 PM IST

শিৱসাগৰ,৪ ছেপ্তেম্বৰ: শিৱসাগৰত অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল বীৰ লাচিত সেনা । খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ গৈ অনাঅসমীয়াক প্ৰশ্ন কৰাৰ বাবে বীৰ লাচিত সেনাৰ চাৰিজন সদস্যক চৰকাৰে অন্যায় ভাৱে জেললৈ প্ৰেৰণ কৰাক লৈ সৰৱ হৈ পৰিছে বীৰ লাচিত সেনা ।

শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিবাদ

দেওবাৰে শিৱসাগৰ নগৰৰ কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি সেনাৰ সা‌ংগঠনিক সম্পাদক শৃংখল চলিহাই কয় যে গুৱাহাটীৰ নীৰৱ শৰ্মা নামৰ এজন খিলঞ্জীয়া আত্মসংস্থাপিত যুৱকৰ পাবলগীয়া ধন আগৰৱালা উপাধিৰ এজন ব্যৱসায়ীয়ে প্ৰদান নকৰাৰ বাবে বীৰ লাচিত সেনাৰ একাংশ সদস্য আগৰৱালাক ধন ঘূৰাই দিবলৈ আহবান জনাইছিল(Press meet of Lachit Sena) । কিন্তু উক্ত ঘটনাক ধন দাবীৰ আখ্যা দি চৰকাৰখনে বীৰ লাচিত সেনাৰ চাৰিজন সদস্য ক্ৰমে কল্যান ভাগৱতী, ভৈৰৱ ৰাজবংশী, বিক্ৰম কোঁচ,দীনমণি দাসক জেললৈ প্ৰেৰণ কৰে(Police arrested 4 member of Lachit Sena) ।

খিলঞ্জীয়াৰ চৰকাৰ বুলি দাংকোপ মৰা এই চৰকাৰখন যে অনাঅসমীয়াৰ হাতত বন্দী এই কথা এনে চৰকাৰৰ এনে কাৰ্যই স্পষ্ট কৰে বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে যিখন চৰকাৰৰ মন্ত্ৰীয়ে ফাঁচী বজাৰৰ বনিয়াৰ আগত ক্ষমা খোজে তেনে চৰকাৰৰ পৰা এনে কাৰ্যই আশা কৰিব পাৰি বুলি তেওঁ তাচ্ছিল্য কৰে চলিহাই । আগৰৱালা, দে,গুপ্তা আদি বনিয়াৰ হাতত বন্ধকত যোৱা এইখন চৰকাৰে এতিয়া পুঁজিৰ অভাৱত এই সকলৰ আগত তল পৰা বুলিও অভিযোগ কৰে চলিহাই ।

এনে অনাঅসমীয়াৰ শোষণৰ বিৰুদ্ধে কেৱল বীৰ লাচিত সেনাই মাত মাতি অহাৰ বাবেই চৰকাৰখনে সেনাক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলিও তেওঁ সমালোচনা কৰে । আনহাতে সংবাদমেলৰ পাছত চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে নগৰৰ ষ্টেচন চাৰিআলিত অসম চৰকাৰৰ প্ৰতিকৃতি দাহ কৰে বীৰ লাচিত সেনাই(Lachit Sena Protest in Sivsagar) ।

লগতে পঢ়ক: ৰাজ্যৰ ২২গৰাকী শিক্ষকলৈ কৃতী শিক্ষক বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.