ETV Bharat / state

শিৱসাগৰত শ্ৰমিক দিৱসৰ অৱমাননা

author img

By

Published : May 1, 2021, 9:17 PM IST

1 মে’- উপেক্ষিত আৰু নিষ্পেষিত শ্ৰমিকসকলৰ বাবে এই দিন । পিছে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ অত্যাধিক লোভৰ বাবে শ্ৰমিক দিৱসৰ দিনটোতো ভূলুণ্ঠিত হ'ল শ্ৰমজীৱিসকলৰ অধিকাৰ ৷

labour-day
শ্ৰমিক দিৱসতেই ভূলুণ্ঠিত শ্ৰমজীৱি

শিৱসাগৰ,1 মে’: আজি মে' দিৱস । উপেক্ষিত আৰু নিষ্পেষিত শ্ৰমিকসকলৰ বাবে আজিৰ এই দিন । কেৱল মাত্ৰ আজিৰ দিনটোত কিছু মৰ্যদা আৰু গুৰুত্ব লাভ কৰে শ্ৰমিকসকলে । কিন্তু একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ অত্যাধিক লোভৰ বাবে আজিৰ দিনটোতো ভূলুণ্ঠিত হ'ল শ্ৰমজীৱিৰ অধিকাৰ ।

উল্লেখ্য যে, এইখন অসমৰে জাঁজীৰ পৰা ডিমৌলৈ প্ৰায় ৪৪ কিল’মিটাৰ ফ'ৰলেন নিৰ্মাণ কৰি থকা এটা কোম্পানীয়ে মে' দিৱসৰ দিনটোতেই চৰম অপমান কৰি বলপূৰ্বকভাৱে দাবী-ধমকি দি পথ নিৰ্মাণৰ কামত লাগিবলৈ বাধ্য কৰালে শ্ৰমিকক । তাৎপৰ্যপূৰ্ণভাৱে শ্ৰমিক দিৱসৰ দিনটোত কাম কৰিবলৈ মান্তি নোহোৱা শ্ৰমিকসকলক ধমকি দি কামলৈ পঠিয়ালে ভিএছডি ইনফ্ৰাকন এলএলপি নামৰ ফাৰ্মখনে ।

জাঁজীৰ পৰা ডিমৌলৈ এই ৪৪ কিল’মিটাৰ পথ নিৰ্মাণৰ মূল ঠিকাদাৰী প্ৰতিষ্ঠান আছিল গেনন ডাংকাৰলে এণ্ড কোম্পানী লিমিটেড । কিন্তু প্ৰতিষ্ঠানটোৱে এই অংশ ফ'ৰলেন নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰে উল্লেখিত ফাৰ্মখনক । এই ফাৰ্মৰ বিষয়া ৰণবীৰ আৰু অৰুণ কুমাৰে জোৰ-জুলুম কৰি আজিৰ দিনটোত কাম কৰিবলৈ বাধ্য কৰে শ্ৰমিকসকলক ।

শিৱসাগৰত শ্ৰমিক দিৱসৰ অৱমাননা

পাছত ফাৰ্মখনৰ পৰিচালন সঞ্চালক সঞ্জয় চৌধুৰীয়ে এনে কাম অজানিতে হোৱা বুলি দুখ প্ৰকাশ কৰে যদিও এই ঘটনাই যেন স্পষ্ট কৰি দিছে যে এনে প্ৰতিষ্ঠানসমূহ শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যক লৈ কোনো প্ৰকাৰে সচেতন নহয় ।

আনহাতে, ফ'ৰলেনত কৰ্মৰত শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যৰ প্ৰতি দায়বদ্ধ কেন্দ্ৰীয় শ্ৰম বিভাগে কিয় এনে অনিয়ম তথা শ্ৰমিকৰ অধিকাৰ ভূলুণ্ঠিত কৰা বিষয়ত হস্তক্ষেপ নকৰে সেয়া এতিয়া হৈ পৰিছে এক ডাঙৰ ৰহস্য ৷

ইফালে, আজিৰ দিনটোতেই শিৱসাগৰৰ দৰিকাপাৰত থকা উদ্যোগিক পামত দেখা গ’ল শ্ৰমিক দিৱসক অৱমাননা কৰাৰ আন এক দৃশ্য । আজিৰ শ্ৰমিকৰ অধিকাৰৰ দিনটোত উদ্যোগিক পামৰ এনইপেইণ্ট, ডিউ ড্ৰপছ খোৱা পানী উৎপাদন একক, ভাই-ককাই কাপোৰ ধোৱা চাবোন আদি উৎপাদন প্ৰতিষ্ঠানত শ্ৰমিকসকলক দেখা গ’ল কৰ্মৰত অৱস্থাত । এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, শিৱসাগৰৰ শ্ৰম বিভাগে মালিকপক্ষৰ এইসমূহ অনিয়মৰ খতিয়ান লৈ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ’বনে নহয় ৷

লগতে পঢ়ক : ৰিতুল শইকীয়াৰ বাসগৃহত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.