শিৱসাগৰ, 28 অক্টোবৰ : আবকাৰী বিভাগত ভুৱা নিযুক্তিপত্ৰৰে যোগদান কৰিবলৈ আহি শিৱসাগৰ আৰক্ষীৰ জালত পৰিল পশ্চিমবংগৰ কোচ বিহাৰৰ যুৱক ৷ প্ৰসেনজিৎ বৰ্মন নামৰ যুৱকজনে ভুৱা নিযুক্তি পত্ৰ লৈ শিৱসাগৰলৈ আহিছিল আবকাৰী বিভাগত যোগদান কৰিবলৈ ৷ আবকাৰী আয়ুক্তৰ স্বাক্ষৰ সম্বলিত নিযুক্তি পত্ৰৰে কৰ্মত যোগদানৰ বাবে আহিছিল প্ৰসেনজিৎ ৷ শিৱসাগৰ জিলা আবকাৰী অধীক্ষকৰ নিযুক্তি পত্ৰত সন্দেহ ওপজাত খবৰ দিয়ে আৰক্ষীক ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে প্ৰসেনজিৎ বৰ্মনক ৷
ইফালে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ভয়ানক তথ্য ৷ দুধনৈৰ পৱন বৰা নামৰ এটা মধ্যভোগীয়ে গুৱাহাটীৰ এখন হোটেলত কৰ্মৰত প্ৰসেনজিতক ৪৮ হাজাৰ টকাৰ বিনিময়ত প্ৰদান কৰিছিল নিযুক্তিপত্ৰখন । ধৃত প্ৰসেনজিৎ বৰ্তমান শিৱসাগৰ আৰক্ষী থানাৰ লকআপত । আবকাৰী বিভাগৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক: টিকটকেন্দ্ৰিক ৰাজনীতি: বহু সমষ্টিত বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে যুঁজ