জোনাই: জোনাইৰ চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ কৰৈবাৰীত সংঘটিত হয় এক জঘন্য কাণ্ড । সুৰাসক্ত স্বামীয়ে পত্নীৰ গাত পেট্ৰ'ল ঢালি জ্বলাই হত্যা কৰাৰ অভিযোগ । এনে জঘন্য ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । জানিব পৰা মতে সোমবাৰে সন্ধিয়া সুৰাসক্ত স্বামী ধনঞ্জয় হাজোৱাৰীয়ে পত্নীৰ লগত সামান্য কথাতে কাজিয়াত লিপ্ত হয় ।
পিছলৈ কথা কটাকটিৰ পৰা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । সুৰাসক্ত স্বামীয়ে পত্নীৰ গাত পেট্ৰ'ল ঢালি জ্বলাই দিয়ে । লগে লগে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ কোনোমতে জুই নুমুৱাই যদিও ইতিমধ্যে মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন প্ৰায় ভাগ অংগত জ্বলি যায় । তেওঁক সংকটজনক অৱস্থাত স্থানীয় লোকে চিকিৎসালয়লৈ লৈ যায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ।
পিছে মহিলাগৰাকীক ডিব্ৰুগড় চিকিৎসালয়লৈ নি থকাৰ সময়তে মৃত্যু হয় । এই ঘটনাৰ পিছতে জোনাই আৰক্ষী আৰু চিমেন চাপৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ স্বামীক আটক কৰে । মহিলাগৰাকীৰ মৃতদেহ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে ।
এই জঘন্য কাণ্ড সন্দৰ্ত তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে জনাই, "মহিলাগৰাকীৰ ডিব্ৰুগড় চিকিৎসালয়ত মৃত্যু হৈছে । সোমবাৰে তেওঁৰ স্বামীয়ে তেওঁক পেট্ৰ'ল ঢালি জ্বলাই দিছিল । যাৰ ফলত তেওঁক প্ৰথমে তেলাম আৰু তাৰপিছত জোনাই চিকিৎসালয়লৈ নিয়া হয় । জোনাইত তেখেতক প্ৰাথমিক চিকিৎসা কৰোৱাৰ অন্তত তেওঁক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে । ডিব্ৰুগড়ত মঙলবাৰে তেওঁৰ মৃত্যু হয় ।"
আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, "অভিযুক্ত ধনঞ্জয় হাজোৱাৰীক আমি গ্ৰেপ্তাৰ কৰিছোঁ আৰু বৰ্তমান তেওঁক চিমেন চাপৰি আৰক্ষী থানাত ৰখা হৈছে । পাৰিবাৰিক কন্দল আৰু সুৰাপানৰ ফলতে এই ঘটনা সংঘটিত হৈছে ।"