ETV Bharat / state

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ - শিৱসাগৰত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্য

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ (Jautha Sangrami Mancha protest in Sivsagar) ৷ জিলাখনৰ ডিমৌৰ পৰা জাঁজী পৰ্যন্ত নিৰ্মাণ হোৱা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতিৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ ৷

Jautha Sangrami Mancha protest against corruption in four lane road construction in Sivsagar
শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ
author img

By

Published : Jun 16, 2022, 7:47 PM IST

শিৱসাগৰ, 16 জুন: শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ (Jautha Sangrami Mancha protest in Sivsagar) ৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা জাঁজী পৰ্যন্ত নিৰ্মাণ হোৱা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিসংগতিৰ (Corruption in four lane road construction) অভিযোগ উত্থাপন কৰি যৌথ সংগ্ৰামী মঞ্চই (Jautha Sangrami Mancha) শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

জানিব পৰা মতে, জাঁজীৰ পৰা ডিমৌলৈকে ৪৪ কিলোমিটাৰ এই পথ নিৰ্মাণৰ বাবে প্ৰথমে এন এইচ আই ডি চি এলে গেনন ডাংকাৰলী কোম্পানী লিমিটেড নামৰ এক কোম্পানীক ঠিকা প্ৰদান কৰিছিল । এই কোম্পানীয়ে ভিএছডি ইনফ্ৰাকন এল এল পি নামৰ আন এক প্ৰতিষ্ঠানক উপ ঠিকা প্ৰদান কৰিছিল যদিও এন এইচ আই ডি চি এলৰ সহযোগত এই প্ৰতিষ্ঠানে এক ব্যাপক লুণ্ঠন কৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰে যৌথ সংগ্ৰামী মঞ্চই ।

শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

যাৰ ফলস্বৰূপে নিৰ্মাণ নোহোৱাকৈ এইপৰ্যন্ত বিধ্বস্ত অৱস্থাত পৰি আছে পথটো ৷ সাধাৰণ ৰাইজে এতিয়া এই পথটোৰ বাবে জিয়াতু ভূগিব লগা হৈছে ৷ ইতিমধ্যে চাৰিলেনযুক্ত পথৰ কামত বহুতো চৰকাৰী আমোলা, ৰাজনৈতিক নেতা-পালিনেতা , ঠিকাদাৰ, মণ্ডল, উচ্চ পদস্ত বিষয়া জড়িত হৈ থকাৰ কথা পোহৰলৈ আহিছে ৷ গতিকে চৰকাৰে ৰাইজৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত এই বিয়াগোম কেলেংকাৰীৰ উচিত তদন্ত ঘোষণা কৰাক লৈ এতিয়া বিভিন্ন মহলত দাবী উত্থাপন হৈছে ।

বৃহস্পতিবাৰে এই প্ৰতিবাদ কাৰ্যসূচী জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি আগন্তুক 7 দিনৰ ভিতৰত একো ব্যৱস্থা নল’লে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ হুংকাৰ দিয়ে যৌথ সংগ্ৰামী মঞ্চই ৷

লগতে পঢ়ক : কপিলী কপিলী তই হৈ বাউলী বাৰিষাত মাৰিলি ধান : আকৌ কপিলীত বান !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.