ETV Bharat / state

শিৱসাগৰত বাজিল কাঁহী-থাল

author img

By

Published : Mar 22, 2020, 9:50 PM IST

জনতা কাৰ্ফিউ প্ৰতি সহাৰি শিৱসাগৰবাসীৰ ৷ কাঁহী তাল হাতচাপৰি বজাই প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ সহাৰি শিৱসাগৰৰ ৰাইজৰ । জৰুৰীকালিন সেৱাত নিয়োজিত লোকসকলক কৃতজ্ঞতা জনাই শিৱসাগৰবাসীৰ ৷

শিৱসাগৰ
শিৱসাগৰত বাজিল কাঁহী-থাল

শিৱসাগৰ, 22 মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে দেওবাৰ অৰ্থাৎ 22 মাৰ্চত সমগ্ৰ দেশজুৰি জনতা কাৰ্ফিউ পালন কৰা হয় । যাৰ বাবে সকলো অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে স্তব্ধ হৈ পৰে ৰাজপথৰ জনজীৱন । সকলোৱে কৰ'ণাৰ পৰা ৰক্ষা পৰিবলৈ নিৰাপদ স্থান হিচাপে ঘৰতে আশ্ৰয় লয় ।

শিৱসাগৰ
শিৱসাগৰত বাজিল কাঁহী-থাল

দেওবাৰৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ আহ্বান জনোৱা এই কাৰ্ফিউৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, সন্ধিয়া ৫ বজাত সকলোৱে দেশৰ এই সংকটৰ সময়তো সেৱা আগবঢ়াই অহা চিকিৎসক,নাৰ্ছ,আৰক্ষী,সংবাদকৰ্মী আদি সেৱা আগবঢ়োৱা লোকসকললৈ ধন্যবাদ জ্ঞাপন কৰি সকলোৱে হাত-চাপৰি,দবা-শংখ,ঘণ্টা আদি বজাই কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে । এই আহ্বানৰ প্ৰতি শিৱসাগৰীয়া ৰাইজে সম্পূৰ্ণ ভাবে সঁহাৰি জনাই । শিৱসাগৰত ৰাইজে বিয়লি ৫ বজাত হাত-চাপৰি বজাই পালন কৰিলে জনতা কাৰ্ফিউৰ এই অনুষ্ঠানিকতা ৷ কঠিন সময়ত দায়িত্ব পালন কৰা সকলৰ প্ৰতি জনায় কৃতজ্ঞতা ।

শিৱসাগৰত বাজিল কাঁহী-থাল

আৰু পঢ়কঃ প্ৰধানমন্ত্ৰী আহ্বানৰ প্ৰতি সঁহাৰি বিজেপি সভাপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.