শিৱসাগৰ, ১৬ ফেব্ৰুৱাৰী: অসম জাতীয় পৰিষদৰ শীৰ্ষ নেতা জগদীশ ভূঞাই দেওবাৰে আলফাই অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ বুজ লয় ৷ পৰিয়ালটোক পৰিস্থিতি সন্দৰ্ভত শান্তনা প্ৰদান কৰি নৱ গঠিত ৰাজনৈতিক দলটোৰ নেতা গৰাকীয়ে কৰ্মচাৰী দুজনক মুকলি কৰি দিবলৈ আলফাক আহ্বান জনায়।
আনহাতে বহুজাতিক কোম্পানীৰ লগত হোৱা সংঘাতৰ ফলত নিৰীহ কৰ্মচাৰীক পণবন্দী কৰাতো আলফাৰ দ্বাৰা এক অত্যাচাৰ হৈছে বুলি নেতাগৰাকীয়ে গৰিহণা দিয়ে । ৰাজ্যৰ বিজেপি চৰকাৰখনে এই দিশত ভূমিকা পালন কৰিব পৰা নাই বুলি সমালোচনা কৰি এইখন চৰকাৰ দুৰ্বল মেৰুদণ্ডৰ বুলি অভিহিত কৰি কুইপ কোম্পানীকো কৰ্মচাৰীৰ দায়িত্ব ল'ব নোৱাৰাৰ বাবে গৰিহণা দিয়ে ।
উল্লেখ্য যে, কুইপ’ নামৰ এটা ব্যক্তিগত তৈল কোম্পানীত কৰ্মৰত দুই কৰ্মচাৰী ক্ৰমে বিহাৰৰ ৰাম কুমাৰ আৰু শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈক যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুন নামৰ ঠাইৰ পৰা এনএছচিএনৰ সহায়ত আলফা স্বাধীনে অপহৰণ কৰি নিছিল । পৰৱৰ্তী সময়ত অপহৰণৰ দায়িত্ব স্বীকাৰ কৰি আলফা স্বাধীনে দুই কৰ্মচাৰীৰ মুক্তিৰ ব্যৱস্থা কৰিবলৈ কুইপ’ আৰু অইল ইণ্ডিয়া লিমিটেডক বিবৃতি প্ৰদান কৰিছিল ।