শিৱসাগৰ,2 মে’ঃ শিৱসাগৰৰ সোণাৰিত কাঠফুলা ভক্ষণ কৰি বিষক্ৰিয়াত আক্ৰান্ত হৈছে একেটা পৰিয়ালৰ দুজন লোক । অসুস্থ জিতু বৰুৱা আৰু অনিমা বৰুৱা সোণাৰিৰ চফ্ৰাই বৰপথাৰ গাঁৱৰ বাসিন্দা । ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে দুয়োকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । বিষাক্ত কাঠফুলা ভক্ষণ কৰি পূৰ্বে সোণাৰিৰ ভোগবাৰী গাঁৱত নিহত হৈছিল একেটা পৰিয়ালৰ তিনিজনকৈ লোক ।
লগতে চাওকঃ লক-ডাউন: কাঠফুলা ভক্ষণ কৰি মৃত্যু একেটা পৰিয়ালৰ তিনিজন সদস্যৰ