ETV Bharat / state

শিৱসাগৰৰ ৰাজপথত এটি খিলঞ্জীয়া পৰিয়াল - ধৰ্মঘট

দখলীকৃত ভূমি উদ্ধাৰৰ দাবীত শিৱসাগৰৰ নগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বুধবাৰে প্ৰতিবাদত বহিল আহোম মূলৰ এটি নিভাজ অসমীয়া পৰিয়াল

শিৱসাগৰৰ ৰাজপথত এটি খিলঞ্জীয়া পৰিয়াল
author img

By

Published : Jul 31, 2019, 5:06 PM IST

শিৱসাগৰ,31 জুলাইঃ শিৱসাগৰত থলুৱা লোকৰ ভূমি দখল বহিৰাগতৰ ৷ প্ৰশাসনৰ সহায় লাভ নকৰি ন্যায্য অধিকাৰৰ দাবীত ধৰ্মঘটত বহিল এটি খিলঞ্জীয়া পৰিয়াল ৷ উল্লেখ্য যে,দখলীকৃত ভূমি উদ্ধাৰৰ দাবীত শিৱসাগৰ নগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বুধবাৰে প্ৰতিবাদত বহিল আহোম মূলৰ এটা অসমীয়া পৰিয়াল ৷ উপেন্দ্ৰ নাথ গগৈ নামৰ লোকজনৰ শিৱসাগৰ নগৰস্থিত 12 নং ৱাৰ্ডৰ হাস্পতাল ৰোডত থকা দুকঠা মাটি মনিষ দাস নামৰ ব্যক্তি গৰাকীয়ে দখল কৰি খিলঞ্জীয়া পৰিয়ালটোক দাবী-ধমকি,ভয়-ভীতি প্ৰদৰ্শন কৰা অভিযোগ উত্থাপন হৈছে ৷

শিৱসাগৰৰ ৰাজপথত এটি খিলঞ্জীয়া পৰিয়াল

শিৱসাগৰ,31 জুলাইঃ শিৱসাগৰত থলুৱা লোকৰ ভূমি দখল বহিৰাগতৰ ৷ প্ৰশাসনৰ সহায় লাভ নকৰি ন্যায্য অধিকাৰৰ দাবীত ধৰ্মঘটত বহিল এটি খিলঞ্জীয়া পৰিয়াল ৷ উল্লেখ্য যে,দখলীকৃত ভূমি উদ্ধাৰৰ দাবীত শিৱসাগৰ নগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বুধবাৰে প্ৰতিবাদত বহিল আহোম মূলৰ এটা অসমীয়া পৰিয়াল ৷ উপেন্দ্ৰ নাথ গগৈ নামৰ লোকজনৰ শিৱসাগৰ নগৰস্থিত 12 নং ৱাৰ্ডৰ হাস্পতাল ৰোডত থকা দুকঠা মাটি মনিষ দাস নামৰ ব্যক্তি গৰাকীয়ে দখল কৰি খিলঞ্জীয়া পৰিয়ালটোক দাবী-ধমকি,ভয়-ভীতি প্ৰদৰ্শন কৰা অভিযোগ উত্থাপন হৈছে ৷

শিৱসাগৰৰ ৰাজপথত এটি খিলঞ্জীয়া পৰিয়াল
Intro:*শিৱসাগৰত থলুৱা লোকৰ মাটি দখল--প্ৰশাসনৰ সহায় লাভ নকৰি অধিকাৰৰ দাবীত ধৰ্মঘটত বহিল খিলঞ্জীয়া*

STORY- INDIGENOUS_ PROTEST
Ananta Smith
Sivasagar
31st July

A_SVR_31ST_JULY_805-808_INDIGINIOUS_PROTEST_7203499

অসমত প্ৰতাৰিত থলুৱা।প্ৰৱঞ্চিত থলুৱা।বহিৰাগতৰ কৱলত নিজ অধিকাৰ হেৰুৱাইছে খিলঞ্জীয়া লোকে।এনে প্ৰতিৰণা-প্ৰৱঞ্চনাৰ বাতৰি বহু লাভ কৰা হয় কিন্তু ইয়াৰ জলন্ত উদাহৰণ আজি দেখা গল শিৱসাগৰত।দখলিকৃত মাটি উদ্ধাৰৰ দাবীত শিৱসাগৰ নগৰত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহিল এক খিলঞ্জীয়াৰ পৰিয়াল।

Body:এটা খিলঞ্জীয়া লোকৰ পৰিয়াল।আহোম মূলৰ নিভাঁজ অসমীয়া পৰিয়াল।এই পৰিয়ালটোৰ সদস্যই আজি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে।নিজ ভূমি অধিকাৰৰ দাবীত এই প্ৰতিবাদ।সময় কিমান বেয়া হলে এইদৰে খিলঞ্জীয়া লোকে প্ৰতিবাদ কৰি ৰাজপথত বহিব লগা হয় তাৰ উদাহৰণ এই গগৈ পৰিয়াল।

মন কৰক এই কণমানি গৰাকীলৈ।তাইৰ নাম মানসী।তিনি বছৰ বয়সীয়া মানসীয়ে বুজি নাপায় প্ৰতিবাদৰ ভাষা।কিন্তু তাইও আজি এক অধিকাৰৰ প্ৰতিবাদৰ অংশীদাৰ।পৰিয়ালটোৰ প্ৰতিজন প্ৰতিবাদকাৰীৰ মুখায়ৱৰ ভাষাই অসমত যে অসমীয়া প্ৰতাৰিত, প্ৰৱঞ্চিত তাক চিঞৰি চিঞৰি কৈছে।কিন্তু কিয় এই প্ৰতিবাদ?

উপেন্দ্ৰ নাথ গগৈ নামৰ এজন লোকৰ শিৱসাগৰ নগৰৰ ১২ নং ৱাৰ্ডৰ হস্পিটাল ৰোডত দুকঠা মাটি আছিল।বিগত প্ৰায় সোতৰ বছৰ ধৰি মনিষ দাস নামৰ এজন লোকে এই মাটি দখল কৰি খিলঞ্জীয়া পৰিয়ালটোক দাবী-ধমকি-ভয়-ভীতি প্ৰদৰ্শন কৰি প্ৰতাৰিত কৰি আহিছে।উক্ত মাটিত পকা ঘৰ নিৰ্মাণ কৰি ব্যৱসায় বাণিজ্যৰে গজগজীয়া মনিষ দাসৰ পৰিয়াল।নিজ অধিকাৰৰ মাটি বিচাৰি যাওঁতে থলুৱা গগৈ পৰিয়ালক অকথ্য মানসিক নিৰ্যাতন দাসৰ।

Bite1-নয়নমণি গগৈ

প্ৰয়াত উপেন্দ্ৰ নাথ গগৈৰ দুই পুত্ৰ প্ৰদীপ গগৈ আৰু প্ৰবীন গগৈয়ে পিতৃপ্ৰদত্ত মাটি উদ্ধাৰৰ চেষ্টা কৰি বিফল হৈ প্ৰশাসনৰ আশ্ৰয় লৈছিল, কিন্তু নাপালে কোনো সঁহাৰি।এতিয়াও উক্ত মাটিৰ খাজনা ভৰি থকা গগৈ পৰিয়ালে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছিল এক গোচৰ।সেই গোচৰো ৰুজু নকৰিলে শিৱসাগৰ আৰক্ষীয়ে।সেইদৰে শিৱসাগৰ জিলা উপায়ুক্তক এক আৰ্জি প্ৰদান কৰা হৈছিল যদিও কোনো ফল নধৰিলে।এতিয়া অধিকাৰৰ দাবীত ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী গগৈ পৰিয়ালৰ।

Bite2-প্ৰদীপ গগৈ

Conclusion:আইনী-প্ৰশাসন ব্যৱস্থাৰ হেমাহি আৰু অমনোযোগিতাৰ বাবে অসমত প্ৰৱঞ্চিত থলুৱা।এনে অৱস্থা হয়তু কোনো থলুৱা লোকৰ ভাৰতৰ আন কোনো ৰাজ্যত হোৱা নাই।দেশতে শোষিত হৈছে আজিৰ অসমীয়া।ইয়াতকৈ লজ্জাজনক বিষয় হয়তু অসমীয়াৰ বাবে নাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.