আমগুৰি/ মাজুলী, ১৭ জুলাই: শিৱসাগৰ জিলাৰ আমগুৰিত বৃহৎ পৰিমাণৰ অবৈধ বিদেশী সুৰা জব্দ । আমগুৰি আৰক্ষীয়ে জব্দ কৰিলে ৫৮ কাৰ্টন অবৈধ বিদেশী সুৰা । চামগুৰি তিনিআলিত বিশেষ অভিযানত জব্দ কৰিছে এই সুৰাখিনি । নামতিৰ বি এছ ৱাইন চ'পৰ পৰা হালোৱাটিং মিচিং গাঁৱৰ জনৈক ধৰ্ম মিলি নামৰ এজন ব্যক্তিক বিক্ৰী কৰিছিল এই সুৰাখিনি । সুৰাখিনিৰ মূল্য ২ লক্ষাধিক হ'ব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে । নামতি চাৰিআলিৰ মৃদুপৱন শইকীয়া নামৰ বি এছ ৱাইন চ'পৰ স্বত্ত্বাধিকাৰীজনে অবৈধভাৱে বিক্ৰী কৰিছিল বিদেশী সুৰাখিনি । আৰক্ষীয়ে সুৰাসহ AS-04-BC-7635 নম্বৰৰ এখন গাড়ী জব্দ কৰাৰ আৰু দুজনকৈ লোকক আটক কৰিছে ।
উল্লেখ্য যে শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী আমগুৰি আৰু হালোৱাটিঙত অবৈধভাৱে বিদেশী সুৰাৰ সৰবৰাহ চলি আছে । যোৱা ১২ জুলাইত হালোৱাটিঙত ৪০০ বটল অসমত প্ৰস্তুত কৰা বিদেশী সুৰা জব্দ কৰিছিল আৰক্ষীয়ে । অসমত তৈয়াৰী এই বিদেশী সুৰা নাগালেণ্ডত একাংশ সুৰা মাফিয়াই দীৰ্ঘদিন ধৰি অবৈধভাৱে বিক্ৰী কৰি আহিছে । আমগুৰি, নামতি চাৰিআলি আৰু বামুণপুখুৰী চাৰিআলিৰ বিশেষ ৱাইন চ'পৰ পৰা নথিপত্ৰহীনভাৱে বিশেষ সুৰা মাফিয়া চক্ৰক বিক্ৰী কৰি আহিছে ৱাইন চ'পৰ স্বত্ত্বাধিকাৰীয়ে । ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
ইপিনে,মাজুলীত আৰক্ষীৰ সুৰা বিৰোধী অভিযান অব্যাহত আছে । আজি পুৱা ফুলনি আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি চাৰিআলি এখন দোকানৰ গুদামৰ পৰা বহু পৰিমাণৰ সুৰা জব্দ কৰে । ফুলনি আৰক্ষী চকীৰ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি জব্দ কৰে এই অবৈধ সুৰাখিনি । যি সময়ত মাজুলীত সুৰা বিক্ৰীৰ অনুমতি প্ৰদান কৰা হোৱা নাই তেনে সময়তো একাংশ অসাধু ব্যৱসায়ীয়ে চলাই আহিছে মদৰ ব্যৱসায় । ফুলনি আৰক্ষী চকীৰ উপ পৰিদৰ্শক পাৰ্থ সাৰথি বৰাই ৰাইজক আহ্বান জনাই কয় যে যিহেতু মাজুলীত সুৰা বিক্ৰী কৰাৰ কোনো অনুমতি নাই গতিকে ৰাইজ সজাগ হওঁক ,সচেতন হওঁক । এনে ধৰণৰ অবৈধভাৱে সুৰাৰ ঘাটিৰ কথা জানিব পাৰিলে আৰক্ষীক খবৰ দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ।
লগতে পঢ়ক:Crime in Guwahati: অসমীয়া কোৱাৰ বাবেই গুৱাহাটীত বহিৰাগতই আক্ৰমণ কৰিলে যুৱকক