আমগুৰি, 28 মাৰ্চ : আমগুৰিৰ বহুকেইটা স্থানত ৰাজহ চক্ৰ বিষয়া, আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ চুলাই উচ্চেদ অভিযান ৷ আমগুৰিৰ দেওৰজা, কমাৰ চুক, হালোৱাটিঙৰ বৰবাম, ধলুৱা পথাৰত অভিযান চলায় প্ৰশাসনে ৷ অভিযানত মাটিৰ তলত লুকুৱাই ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ চুলাইৰ ড্ৰাম উদ্ধাৰ কৰে। কৰ'ণা ভাইৰাছৰ ত্ৰাস সৃষ্টিৰ গইনা লৈ আমগুৰি আৰু হালোৱাটিঙত এচাম অসাধু ব্যৱসায়ীয়ে চুলাই মদ তৈয়াৰ কৰি সামাজিক পৰিৱেশ বিনষ্ট কৰি তোলাৰ অভিযোগৰ ভিত্তিতে প্ৰশাসনে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ আৰক্ষীয়ে এটা পৰিয়ালৰ গডৰেজৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত বহু পৰিমাণৰ বিলাতী সুৰা আৰু চুলাই মদ জব্দ কৰে। লগতে আৰক্ষীয়ে খেৰৰ ঘৰত লুকুৱাই থোৱা অৱস্থাত ২৩ টিং লালিগুৰ জব্দ কৰে । সমগ্ৰ বিশ্ব কৰ'ণা মহামাৰীৰ গ্ৰাসত সুমাই পৰা মুহূৰ্ত্তত একাংশ লোকৰ এনে অদূৰদৰ্শী কাণ্ডক সকলোৱে একেমুখে ধিক্কাৰ দিছে।
আমগুৰিত বৃহৎ পৰিমাণৰ অবৈধ দেশীয় সুৰা জব্দ ! - চুলাইৰ ড্ৰাম
আমগুৰিত জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধ দেশীয় সুৰা ৷ মাটিত গাঁত খান্দি পুতি থোৱা অৱস্থাত উদ্ধাৰ বহুকেইটা চুলাইৰ ড্ৰাম ৷