ETV Bharat / state

Akhil Gogoi Press Conference: শিৱসাগৰৰ আহোম যুগৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণক লৈ উদ্বিগ্ন অখিল গগৈ - শিৱসাগৰৰ আহোম যুগৰ ঐতিহাসিক সমলসমূহ

পুনৰ ৰাজপথত নামিব পাৰে অখিল গগৈ ৷ যদিহে চৰকাৰে শিৱসাগৰৰ আহোম যুগৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা নকৰে, তেন্তে পুনৰ আগৰ অৱস্থালৈ ঘূৰি যাব বিধায়ক অখিল গগৈ ৷ আহোম যুগৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণ কৰাৰ দাবীত এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷

MLA Akhil Gogoi in Guwahati
শিৱসাগৰৰ আহোম যুগৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ লৈ উদ্বিগ্ন বিধায়ক অখিল গগৈ
author img

By

Published : Jul 17, 2022, 9:36 PM IST

গুৱাহাটী, ১৭ জুলাই : শিৱসাগৰৰ ঐতিহাসিক কীৰ্তি চিহ্নসমূহ ক্ৰমাৎ জহি খহি যাবলৈ ধৰিছে (Historical place of Sivasagar towards destruction) ৷ ৰাজনৈতিক মত বিৰোধ থকা স্বত্বেও শিৱসাগৰৰ আহোম যুগৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীক তিনিবাৰকৈ সাক্ষাৎ কৰিছে বিধায়ক অখিল গগৈয়ে ৷

শিৱসাগৰৰ আহোম যুগৰ ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ লৈ উদ্বিগ্ন বিধায়ক অখিল গগৈ

কিন্তু অতি দুৰ্ভাগ্যজনক, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে ৷ দেওবাৰে গুৱাহাটীত এক সংবাদ মেল আয়োজন কৰি এই মন্তব্য প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi in Guwahati) ৷ লগতে তেওঁ কয় যে যদিহে শীঘ্ৰে চৰকাৰে এই ঐতিহাসিক সমলসূহ সংৰক্ষণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পূৰ্বৰ অৱস্থালৈ তেওঁ ঘূৰি যাব ৷

চৰকাৰৰ বিৰুদ্ধে পুনৰ আকৌ ৰাজপথত আন্দোলনত নামিব বিধাকগৰাকী ৷ লগতে তেওঁ কয়, শিৱসাগৰৰ আহোম ৰাজত্বকালত স্থাপিত অসমীয়া জাতিৰ গৌৰৱ ঐতিহাসিক সম্পদসমূহ জহিখহি গৈছে ৷

ভাৰত তথা অসমৰ পুৰাতত্ত্ব বিভাগে সংৰক্ষণ কৰা সেইসমূহ সম্পদৰ চৌহদবোৰো ঘন জংঘলেৰে ভৰি পৰাৰ লগতে সেইবোৰত গৰু-ছাগলী সোমাইছে আৰু বেছিভাগ সম্পদেই উঁৱলি যোৱাৰ উপক্ৰম হৈছে ৷ কিন্তু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীকগৰাকীক স্মাৰকপত্ৰ দিয়াৰ লগতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পুৰাতত্ত্ব বিভাগকো বাৰম্বাৰ অৱগত কৰা হৈছিল ৷ কিন্তু ইমানৰ পাচতো কোনো বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই ৷

মেৰামতি আৰু সংৰক্ষণৰ অভাৱত এইবোৰ কালৰ বুকুত লোপ পোৱাৰ পিনে আগবাঢ়িছে ৷ যোৱা বছৰ তেওঁ ব্যক্তিগত টকা খৰচ কৰি ইয়াৰে কিছুমান চৌহদ চাফা কৰাইছিল বুলি মন্তব্য কৰে ৷ ৰংঘৰ, তলাতল ঘৰ, শিৱ দ’ল, ঘনশ্যাম দ’ল চৌহদত নিজৰ ধনেৰে ফুলৰ পুলিও ৰোপন কৰা হৈছিল ৷

কিন্তু বিভিন্ন অজুহাতত পুৰাতত্ত্ব বিভাগ দুটাই নিজৰ নিজৰ চৌহদবোৰৰ যত্ন নলয় আৰু সংৰক্ষণো নকৰে ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক : Ranghar in crisis: ধ্বংসৰ দিশে ঐতিহাসিক ৰংঘৰ: কানসাৰ নাই প্ৰত্নতত্ব বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.