ETV Bharat / state

শিৱসাগৰত লক্​ ডাউন শিথিলতাক লৈ শংকা সচেতন লোকৰ

শিৱসাগৰৰ ব্যৱসায়ীসকলে নিজে প্ৰস্তুত কৰি দিয়া ব্যৱসায়ীক প্ৰতিষ্ঠানৰ তালিকা অনুযায়ী মঙলবাৰৰ পৰাহে এক তৃতীয়াংশ দোকান পোহাৰ খোলাৰ কথা ঘোষণা কৰে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে ।

author img

By

Published : May 4, 2020, 6:04 PM IST

শিৱসাগৰত লক্​ ডাউন শিথিলতাক লৈ শংকা প্ৰকাশ সচেতন লোকৰ

শিৱসাগৰ, 4 মেঃ দেশত তৃতীয় পৰ্যায়ৰ লক্​ ডাউন আৰম্ভ হোৱাৰ প্ৰাকমূহুৰ্তত ৰাজ্যৰ গ্ৰীণজ'নসমূহৰ লক্​ ডাউন শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ৷ এই সিদ্ধান্তৰ ফলস্বৰূপে চহৰখনত কিছু পৰিমাণে স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত গৈছে । ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পাছতে চহৰখনত সোমবাৰে গ্ৰাহকৰ বাবে মুকলি কৰা হৈছে এক তৃতীয়াংশ দোকান । চহৰখনৰ প্ৰধান ৰাজপথসমূহত ব্যক্তিগত বাহনসমূহ চলাৰ লগতে তিনিচুকীয়া তথা যাত্ৰীবাহী বাহনসমূহো চলাচল কৰা পৰিলক্ষিত হয় । আনহাতে, শিৱসাগৰত ক্ৰমাৎ পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ ফলত শংকা প্ৰকাশ কৰে একাংশ লোকে ৷

উল্লেখ্য যে, শিৱসাগৰৰ ব্যৱসায়ীসকলে নিজে প্ৰস্তুত কৰি দিয়া ব্যৱসায়ীক প্ৰতিষ্ঠানৰ তালিকা অনুযায়ী মঙলবাৰৰ পৰা হে এক তৃতীয়াংশ দোকান পোহাৰ খোলাৰ কথা ঘোষণা কৰিছে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে । এই নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিয়ো সকীয়াই দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে । তদুপৰি প্ৰথম আৰু দ্বিতীয় ফেজত লক্​ ডাউন সফল কৰি তোলাৰ বাবে সমূহ শিৱসাগৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে উপায়ুক্তগৰাকীয়ে ।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.