ETV Bharat / state

Assam Governor at Sivasagar: ৰাইজৰ হিতৰ বাবে নিষ্ঠাৰে কাম কৰাৰ অংগীকাৰ ৰাজ্যপালৰ - Governor Gulab Chand Kataria at Karenghar

দুদিনীয়া ভ্ৰমণ সূচীৰে শিৱসাগৰত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া । তেওঁ জিলাখনৰ সামগ্ৰিক বুজ লোৱাৰ উপৰি বিভিন্ন আলোচনাত মিলিত হয় । প্ৰাচীন কীৰ্তিচিহ্ন পৰিদৰ্শন কৰি ৰাইজৰ হিতৰ বাবে নিষ্ঠাৰে কাম কৰি যোৱাৰ অংগীকাৰ কৰে ৰাজ্যপালগৰাকীয়ে (Governors Inspection of ancient monuments) ।

Governor Gulab Chand Kataria at Sivasagar
শিৱসাগৰত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া
author img

By

Published : Apr 26, 2023, 4:08 PM IST

শিৱসাগৰত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

শিৱসাগৰ, ২৬ এপ্ৰিল: অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলাত মঙলবাৰে উপস্থিত হয় (Governor Gulab Chand Kataria at Sivasagar)। কালি অ'এনজিচি নাজিৰাত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিভিন্ন সুৰক্ষা বাহিনীৰ মুৰব্বী সকলৰ সৈতে বৈঠকত মিলিত হয় । তেওঁ কেইবাটাও সংগঠনৰ নিৰ্বাচিত প্ৰতিনিধিৰ সৈতেও বাৰ্তালাপ কৰে ।

বুধবাৰে পুৱা ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই শিৱসাগৰৰ মুখ্য প্ৰাচীন কীৰ্তিচিহ্ন সমূহ পৰিদৰ্শন কৰি আহোম ৰাজত্বৰ সাংস্কৃতিক উপাদান সমূহৰ বুজ লয় । গড়গাঁৱৰ কাৰেংঘৰ পৰিদৰ্শনৰ পাছত ৰাজ্যপালগৰাকীয়ে ঐতিহাসিক শিৱ দ'লত সপত্নীক উপস্থিত হৈ সেৱা আগবঢ়ায় (Governor Gulab Chand Kataria at Karenghar)। শিৱসাগৰৰ ৰংঘৰ, তলাতল ঘৰ পৰিদৰ্শনৰ অন্তত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই জয়সাগৰস্থিত বহু কেইটা আহোম ৰাজত্বৰ কীৰ্তিচিহ্ন পৰিদৰ্শন কৰে । ইয়াৰ পিচতেই তেওঁ ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক দিশটো অনুধাৱন কৰিবলৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হয় (Rajiv Gandhi Co operative University) ।

ৰাজ্যপালগৰাকীয়ে উজনি অসমৰ দুখন জিলা শিৱসাগৰ আৰু চৰাইদেউৰ সামগ্ৰিক বুজ ল’বলৈ উপস্থিত হোৱা বুলি উল্লেখ কৰি তেওঁ দায়িত্ব পালন কৰি থকা পদত ৰাইজৰ হিতৰ বাবে নিষ্ঠাৰে কাম কৰি যোৱাৰ চেষ্টা কৰিব বুলি উল্লেখ কৰে । আনহাতে, ধৰ্মনিৰপেক্ষ ভাৰতত একাংশ লোকে ধৰ্মীয় বিভাজনৰ চেষ্টা কৰি থকা সন্দৰ্ভত তেওঁ কয় যে, এয়া তেওঁৰ বিষয় নহয় ।

তেওঁ পুনৰ কয় যে, এক সাংবিধানিক পদত কাৰ্যনিৰ্বাহ কৰা তেওঁৰ দায়িত্ব হৈছে অসমৰ ৰাইজৰ হিত সাধন কৰাটো । এনে ধৰ্মীয়-সামাজিক বিষয় সমূহ চোৱা-চিতা কৰিবলৈ চৰকাৰ আৰু আইন প্ৰশাসন আছে বুলি তেওঁ মন্তব্য় কৰে । আজি বিয়লি আন দুখনমান আলোচনাত মিলিত হৈ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই সন্ধিয়া গুৱাহাটী অভিমুখে যাত্ৰা কৰিব বুলি প্ৰশাসনে সদৰী কৰিছে ।

লগতে পঢ়ক:Assam Governor in Morigaon : পত্নীসহ দিনজোৰা কাৰ্যসূচীৰে মৰিগাঁৱত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.