শিৱসাগৰ, 21 মাৰ্চ : শিৱসাগৰত নৱম শ্ৰেণীৰ ছাত্ৰী অপহৰণৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে, 12 ফেব্ৰুৱাৰীত শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বাবুপট্টি নিবাসী লোকমান আলীৰ 15 বছৰীয়া কন্যাগৰাকীক বিদ্যালয়লৈ গৈ থকা অৱস্থাত অপহৰণ হোৱাৰ অভিযোগ উত্থাপন কৰে মাতৃয়ে ৷ ছাত্ৰীগৰাকীৰ মাতৃয়ে শিৱসাগৰ সদৰ আৰক্ষী থানাত কৰ্মৰত আৰক্ষী জোৱানৰ ভতিজাক বিকাশ দাসে অপহৰণ কৰে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ এমাহে শুংসূত্ৰ নোপোৱা ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এই অভিযোগ উত্থাপন কৰে দুৰ্ভগীয়া মাতৃয়ে ৷
তিনিখনকৈ এজাহাৰ দাখিলৰ পাছতো অপৰাধীৰ খুড়াক সদৰ থানাত কৰ্মৰত হোৱা হেতুকে ন্যায় নোপোৱাৰ গুৰুতৰ অভিযোগ অপহৃতাৰ মাতৃ ৷ অৱশেষত ন্যায়ৰ পৰা বঞ্চিত মাতৃগৰাকীয়ে শিৱসাগৰ সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হয় ৷
লগতে পঢ়ক: নগাঁৱৰ গোমোঠাগাঁৱত ভয়াৱহ দুৰ্ঘটনাঃ থিতাতে নিহত এজন