শিৱসাগৰ, 13 মাৰ্চ : আহোম ৰাজত্বৰ উত্থান-পতনৰ সাক্ষী শিৱসাগৰ। স্বৰ্গদেউ চ্যু-ক্যা-ফাৰ পৰা স্বৰ্গদেউ ৰুদ্ৰসিংহৰ লৈকে চৰাইদেউৰ পৰা ৰংপুৰলৈ চাৰিখন ৰাজধানী স্থাপন হৈছিল শিৱসাগৰ জিলাৰ ভিতৰত। যাৰবাবে শিৱসাগৰত সিঁচৰিত হৈ আছে বিভিন্ন আহোম যুগৰ নিৰ্মাণশৈলী। তলাতল ঘৰ,কাৰেং ঘৰ,ৰংঘৰ,শিৱ দ'ল আদিৰ দৰে বৃহৎ নিৰ্মাণ সমূহৰ ওপৰিও কেতবোৰ সৰু অথচ চকুতলগা প্ৰচীন কীৰ্তিচিহ্ন দেখা যায় শিলসাগৰৰ বিভিন্ন ঠাইত। এনে এক নিৰ্মাণ হৈছে জয়সাগৰৰ ঘনশ্যাম দ'ল অথবা ঘনশ্যামৰ ঘৰ।

ঘনশ্যাম দ'ল আহোম ৰাজত্বকালত নিৰ্মিত সকলো স্থাপত্য-ভাস্কৰ্যতকৈ কিছু পৃথক এক কীৰ্তিচিহ্ন । কোনে আৰু কেতিয়া এই চহকী ভাস্কৰ্য খোদিত ভৱন নিৰ্মাণ কৰিছিল সেয়া নিশ্চিত নহয় যদিও স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ঘনশ্যাম দ'ল নিৰ্মাণ কৰা হৈছিল বুলি ধাৰণা কৰা হয়। সতী জয়মতীৰ মৃত্যুৰ পাচত তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহই ৰাজপাটত উঠি আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰলৈ আনে। মাতৃৰ বিয়োগ স্থানত এক বহৎ পুখুৰী খান্দি তাৰ পাৰত বহু কেইটা দ'ল-দেৱালয় নিৰ্মাণ কৰায়। এই সমূহ নিৰ্মাণ কৰিবৰ বাবে স্বৰ্গদেউৱে ভাটি ফালৰ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ পৰা নিৰ্মাণ শিল্পী আনিছিল। এই শিল্পী সকলৰ মূল গৰাকীৰ নাম আছিল ঘনশ্যামোদ্দিন। ৰংপুত নিৰ্মাণ কাৰ্য চলাবলৈ আহি তেওঁ নাম পালে ঘনশ্যাম খনিকৰ । তেওঁৱেই জয়সাগৰ পুখুৰীৰ পাৰত এই আটকধুনীয়া ভাস্কৰ্য খোদিত পকী নিৰ্মাণ কৰিছিল।

একে সীমা দেৱালৰ ভিতৰত মূল ভৱনটোক লৈ আৰু দুটা নিৰ্মাণ দেখা যায়। একোটা তোৰণৰ দৰে আৰু আনটো ভোগঘৰ অথবা পাকঘৰৰ দৰে। সচৰাচৰ আহোম স্থাপত্য শৈলীত এনে নিৰ্মাণ প্ৰচলিত যদিও ঘনশ্যাম দ'ল পৃথক ইয়াৰ আকৃতি আৰু মনোমোহা ভাস্কৰ্যৰ বাবে। পুখুৰীৰ দক্ষিণ-পশ্চিম কোণত চাৰিচুকীয়া আকাৰৰ ঘনশ্যাম দ'লত খোদিত আছে বিভিন্ন ভাস্কৰ্য। ঘনশ্যাম দ'লৰ নিৰ্মাণ শৈলী তেতিয়াৰ মোগল স্থাপত্যৰ চাপযুক্ত আৰু এক সংমিশ্ৰিত শৈলীৰ ফচল । বেৰত খোদিত কৰা তেৰাকোটা শিল্পত ফুটি উঠিছে গছ-বিৰিখ,দল-দেৱালয়,দেৱ-দেৱতা আদিৰ বাবে পৃথক ঘনশ্যাম দ'ল ।
বিভিন্ন জনে ঘনশ্যাম খনিকৰক ৰংপুৰ নগৰ নিৰ্মাণ কৰি গুচি যোৱাৰ পাচত আহোম শাসনে গ্ৰেপ্তাৰ কৰে বুলি ধাৰণা কৰে। নিৰ্মাণ সম্পন্ন কৰি যোৱাৰ সময়ত ঘনশ্যাম খনিকৰে হেনো ৰংপুৰ নগৰৰ এখন গোপন মেপ লৈ গৈছিল। যাৰবাবে তেওঁক গুৱাহাটীৰ বৰফুকনে গ্ৰেপ্তাৰ কৰি ৰংপুৰলৈ পঠিয়াই দিছিল। বন্দী হৈ থকা সময়ছোৱাত ঘনশ্যামে নিৰ্মাণ কৰিছিল এই স্থাপত্য।

এই কাহিনী যিয়ে নহওক লাগে,বৰ্তমান কেন্দ্ৰীয় পূৰাতত্ব বিভাগৰ দ্বাৰা সুন্দৰ ৰূপত প্ৰতিপালিত ঘনশ্যাম দ'ল অথবা ঘনশ্যামৰ ঘৰ অসমৰ অন্যতম মনোমোহা প্ৰাচীন কীৰ্তিচিহ্ন। বিভিন্নজনে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মিত এই ভৱন নাতি গোঁসাইৰ দ'ল বুলি ক'ব খোজে যদিও এই ধাৰণা সঠিক নহয়। প্ৰচলিত এই সমূহ ধাৰণা বাদ দিলে ঘনশ্যামৰ ঘৰ এক চহকী সংস্কৃতিৰ নিদৰ্শন। যি ঐতিহাসিক সমলে এতিয়াও আহোম ৰাজত্বৰ স্বাক্ষৰ বহন কৰি আছে।
লগতে পঢ়ক : গগৈ-আজমলক লগত লৈ মনোনয়ন দাখিল কৰিলে অজিত কুমাৰ ভূঞাই