ETV Bharat / state

পেচাত গাড়ী চালক হৈও লোকশিল্পৰ নিৰলস সাধনা এগৰাকী চহা শিল্পীৰ

author img

By

Published : Jun 2, 2021, 7:42 PM IST

কৰ'ণা মহামাৰীয়ে একপ্ৰকাৰ জুৰুলা কৰিছে গ্ৰামাঞ্চলৰ বহু সাধাৰণভাৱে খাটি খোৱা লোকক । কাম হেৰুৱাই নিৰাশ হৈ পৰিছে বহু লোক । কিন্তু তাৰ মাজতে শিৱসাগৰৰ এজন প্ৰতিভাৱান ব্যক্তিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে । চাওঁ আহক কোন সেইগৰাকী লোক আৰু তেওঁৰ কি কামে সকলোকে আকৰ্ষিত কৰিছে...

loksilpi trailukya nath
শিৱসাগৰৰ লোকশিল্পী

আমগুৰি, ২ জুন : আটকধুনীয়া কিছুমান বাঁহ-বেতৰ সামগ্ৰী । ইয়াত আছে জাকৈ, খালৈ, ঢেঁকী আদি গ্ৰামাঞ্চলত ব্যৱহৃত বহু সামগ্ৰী আৰু আচবাব । সমান্তৰালকৈ আছে বিভিন্ন ধৰণৰ লোক সংগীতৰ বাদ্যযন্ত্ৰও । আচলতে এয়া কোনো সংগ্ৰাহলয় নহয় । এগৰাকী লোকসংস্কৃতিৰ সাধকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এই সামগ্ৰীবোৰ । নাম ত্ৰৈলোক্য নাথ । শিৱসাগৰৰ কালুগাঁৱৰ জতকীয়া নাথ গাঁৱৰ বাসিন্দা এইগৰাকী শিল্পী ।

কৰ'ণা মহামাৰীয়ে সকলোকে একপ্ৰকাৰ হতাশ কৰি তুলিছে । কিন্তু এইগৰাকী শিল্পী কেতিয়াও হতাশ নহৈ চলাই গৈছে নিজৰ জীৱন সংগ্ৰাম । ঘৰতে এনে বহি নাথাকি সাজি উলিয়াইছে এইবোৰ সামগ্ৰী । পেচাত এগৰাকী গাড়ী চালক যদিও বিগত বছৰৰ পৰা যথেষ্ট অসুবিধাত পৰিছে ত্ৰৈলোক্য নাথৰ পৰিয়াল । কিন্তু লোক সংগীতৰ সাধক গৰাকী এই সময়চোৱাতো কেতিয়াও নিৰাশ হোৱা নাই ।

পেচাত গাড়ী চালক হৈও লোক সংগীতৰ নিৰলস সাধনা এগৰাকী চহা শিল্পীৰ

তেওঁ সাজি উলিওৱা সামগ্ৰীবোৰ দেখিবলৈও ধুনীয়া, যাৰ বাবে বিভিন্ন ঠাইৰ লোকে ক্ৰয় কৰিছে এই সামগ্ৰীবোৰ । তেওঁৰ অনন্য প্ৰতিভা দেখি আচৰিত হৈছে বহুজন । কিয়নো বিভিন্ন প্ৰকাৰৰ বাদ্যযন্ত্ৰ নিৰ্মাণ কৰাই নহয় লোকগীত, টোকাৰী গীত, দিহানাম আদি সুন্দৰকৈ পৰিৱেশন কৰিবও পাৰে ত্ৰৈলোক্য নাথে । যথেষ্ট প্ৰতিভা থকাৰ পিছতো এই গৰাকী শিল্পীয়ে আজিলৈ পোৱা নাই কোনো স্বীকৃতি ।

আনকি চৰকাৰী আঁচনিৰো মুখ দেখা নাই লোক সংগীতক জীয়াই ৰখাৰ চেষ্টা চলাই যোৱা এইগৰাকী শিল্পীয়ে । চৰকাৰলৈ এটাই আহ্বান শিল্পী ত্ৰৈলোক্য নাথৰ । প্ৰশ্ন হয় শিল্পীৰ বাবে বছৰি চৰকাৰে ঘোষণা কৰা অভিলাষী আঁচনিবোৰ কিয় নাপাই এইসকল প্ৰকৃত শিল্পীয়ে । নতুন চৰকাৰখনে গ্ৰামাঞ্চলৰ এইসকল শিল্পীক উচিত মৰ্যাদা দিব পাৰিব নে ? সেয়া অৱশ্যে সময়েহে ক'ব ।

লগতে পঢ়ক:নাহৰকটীয়াত সচেতন যুৱকৰ প্ৰচেষ্টাত বাসগৃহ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.