শিৱসাগৰ, ২৭ জুলাই : শিৱসাগৰৰ মিলন মন্দিৰত বুধবাৰে বিনামূলীয়া কৰ্কট পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয় (Free cancer test camp in Shivsagar)। এই শিবিৰৰ আয়োজনৰ বাবে উদ্য়োগ গ্ৰহণ কৰে মাৰোৱাড়ী যুৱ মঞ্চৰ(মায়ুম) য়েছ দেউৰা আৰু সৌৰভ আগৰৱালাই । মায়ুম আৰু মাৰোৱাড়ী পঞ্চায়তে নিজৰ সামাজিক সেৱাৰ বাবে এই শিবিৰ অনুষ্ঠিত কৰে ।
উক্ত শিবিৰটোত ভাৰতবৰ্ষ ভ্ৰমণ কৰা মায়ুমৰ কেঞ্চাৰ স্কিনিং ভেন দ্বাৰা সকলো প্ৰকাৰৰ কৰ্কটৰ বিনামূলীয়া পৰীক্ষা কৰা হয় । এই শিবিৰত ১২০গৰকীৰ পঞ্জীয়ন কৰা হৈছে যদিও সম্ভৱ হ'লে আৰু কিছু ৰোগীৰ পঞ্জীয়ন কৰি পৰীক্ষা কৰা হ'ব বুলি উদ্যোক্তাই সদৰি কৰিছে । এই শিবিৰত স্ত্ৰী ৰোগ বিশেষজ্ঞ, দন্ত চিকিৎসক আৰু সাধাৰণ ৰোগ বিশেষজ্ঞ উপস্থিত থাকে । সকলো ৰোগীৰ প্ৰথমে প্ৰাথমিক পৰীক্ষা কৰাৰ পাছত কেঞ্চাৰ স্কিনিং ভেনত সকলো পৰীক্ষা কৰা হয় (Free cancer test camp)।
উল্লেখ্য় যে, ১৮ বছৰৰ ওপৰৰ যিকোনো লোকে এই বিনামূলীয়া সেৱা গ্ৰহণ কৰিব পাৰিব । শিৱসাগৰ মায়ুমৰ সভাপতি দীপক ঝাৱাৰ, সম্পাদক অমন লাহটী, জন সম্পৰ্ক বিষয়া পৱন কেজৰিৱাল, মাৰোৱাড়ী পঞ্চায়ত সভাপতি বিনোদ আগৰৱালা, সম্পাদক বিজয় চাৱাচাৰিয়া, জন সম্পৰ্ক বিষয়া নাৰায়ন লাহটীয়ে সকলো শিৱসাগৰবাসী ৰাইজৰ সহযোগিতাত সন্তোষ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: Endangered snake found dead: দীপৰ বিলৰ ৰেলআলিত বিলুপ্তপ্ৰায় প্ৰজাতিৰ সাপৰ মৃত্যু