নাজিৰা, 10 জুলাই : হঠাৎ থমকি ৰ'ল এক প্ৰতিবাদী কণ্ঠ । শুকুৰবাৰে পঞ্চভূতত বিলীন হ’ল সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন মুখ্য উপদেষ্টা তথা বিজেপিৰ ৰাজ্যিক সদস্য অশ্বিনী চেতিয়াৰ নশ্বৰ দেহ ।
সুদীৰ্ঘ কেইবাবছৰো ধৰি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা পদত থাকি ৰাইজৰ হ'কে কাম কৰি গৈছিল প্ৰয়াত অশ্বিনী চেতিয়াই । শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সদস্য হিচাপে ৰাজনীতিৰ পথাৰত ভৰি দিছিল প্ৰয়াত অশ্বিনী চেতিয়াই ।
উল্লেখ্য যে, কেইমাহমান পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ যাবলগীয়া হৈছিল তেওঁ । মুম্বাইৰ পৰা অহাৰ পিচত যদিও তেওঁ সুস্থ হৈ উঠে, কিন্তু প্ৰায় এমাহ পূৰ্বে উন্নত চিকিৎসাৰ বাবে তেওঁক পুনৰ গুৱাহাটীৰ হেলথ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয় ।
যোৰহাট লোকসভাৰ সাংসদ তপন গগৈ, জিলা উপায়ুক্ত লক্ষীনন্দন গগৈ, আৰক্ষী অধীক্ষককে ধৰি বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দ আৰু বিজেপিৰ কৰ্মকৰ্তাসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
হাঁহচৰা মৌজাৰ ন-পাম চেতিয়া গাঁৱত জন্মলাভ কৰা অশ্বিনী চেতিয়াই 1996 চনৰ পৰা 2019 চনলৈ আটাছুৰ মজিয়াত থাকি উজনি অসমৰ শক্তিশালী কণ্ঠস্বৰ হিচাপে পৰিগণিত হৈছিল ৷ 1998 চনত আটাছুৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা নেতা গৰাকীয়ে 2001 চনৰ পৰা 2003 চনলৈ সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক পদৰ দায়িত্বত আছিল ৷
আনহাতে, 2004 চনৰ পৰা 2010 চনলৈ শদিয়া অধিৱেশনত তেওঁ আটাছুৰ দুটা কাৰ্যকালৰ সভাপতি আছিল ৷ অৱশ্যে 2010 চনত আটাছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিলেও আটাছুৰ মজিয়াত অবিসম্বাদী আৰু জনপ্ৰিয় নেতা হিচাপে খ্যাত নেতাগৰাকীক আটাছুৱে মুখ্য উপদেষ্টাৰ আসনত বহুৱাইছিল । 2019 চনত বিজেপিত যোগদান কৰাৰ সময়লৈকে তেওঁ উপদেষ্টাৰ পদত অধিষ্ঠিত আছিল ৷
51 বছৰ বয়সতে জীৱনৰ নাট সামৰা নেতাগৰাকীয়ে এসময়ত অসম সংগ্ৰামী মঞ্চৰ দলৰ পৰা শিৱসাগৰ বিধানসভা নিৰ্বাচনতো অংশগ্ৰহণ কৰিছিল । সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি পদতো কিছুদিন ধৰি আছিল প্ৰয়াত নেতাগৰাকী । পৰৱৰ্তী সময়ত তেওঁ সংগ্ৰামী মঞ্চ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল ৷
লগতে পঢ়ক : বৰপেটাৰ ভোগেৰপাৰত হায়দৰাবাদস্থিত NALSAR বিশ্ববিদ্যালয়ৰ বান সাহাৰ্য