আমগুৰি, ১৩ ডিচেম্বৰ : অসম ছাত্ৰ পৰিষদৰ অন্তৰ্গত আমগুৰি বিধান পৰিষদৰ নতুন সমিতিখন দেওবাৰে ভূঞাহাট ক্লাবত আয়োজন কৰা এক সভাত গঠন কৰা হয় ৷ সভাত ভোট গ্ৰহণ প্ৰক্ৰিয়াৰে সমিতিখনৰ সদস্য সকলক নিৰ্বাচিত কৰা হয় ৷
এই সমিতি গঠন প্ৰক্ৰিয়া মুকলি কৰে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই ৷ সমিতি গঠন প্ৰক্ৰিয়াত প্ৰায় ৬২৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ আমগুৰি বিধান পৰিষদৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায় ৷ পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হয় অয়ন জ্যোতি গগৈ ৷
উল্লেখ্য যে, নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে স্থানীয় বিধায়ক প্ৰদীপল হাজৰিকাই ৷ কাৰ্যসূচীত বিপুল বৰকটকী, ড° অনিল গগৈ, সুদৰ্শন হাজৰিকা, ত্ৰিনয়ন বৰুৱা, কস্তুৰী চুতীয়াৰ লগতে বহু কেইগৰাকী অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিষয়ববীয়াই অংশগ্ৰহণ কৰে।
লগতে পঢ়ক:বি পি এফৰ তিনি মন্ত্ৰী অবিহনে অসম চৰকাৰৰ কেবিনেট বৈঠক সম্পন্ন