ETV Bharat / state

কৰ’ণা সন্ত্ৰাসৰ পাচত প্ৰথম ফুটবল প্ৰতিযোগিতা

author img

By

Published : Nov 2, 2020, 6:16 PM IST

মহামাৰী কোভিড 19 ৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে চৰাইদেউ জিলাত অনুষ্ঠিত হৈছে ফুটবল প্ৰতিযোগিতা । স্বৰ্গীয় আলতাব হুছেইন সোঁৱৰণী প্ৰাইজমানি আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাখনলৈ প্ৰতিযোগী দলৰ ব্যাপক সঁহাৰি ৷

Football match start in sivsagar after covid 19 assam etv bharat news
ফুটবল প্ৰতিযোগিতা

শিৱসাগৰ,2 নৱেম্বৰ : চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত মহামাৰী কোভিড-19 ৰ সংক্ৰমণৰ পিছত জিলাখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে ক্ৰীড়া প্ৰতিযোগিতা । চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক আলতাব হুছেইনৰ সোঁৱৰণীত প্ৰাইজমানি আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় 21 টা ফুটবল ক্লাৱে অংশগ্ৰহণ কৰে ।

ফুটবল প্ৰতিযোগিতা আৰম্ভ

সম্পূৰ্ণ কোভিড প্ৰট’কল মানি দৰ্শক বিহীনভাৱে অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰা হৈছে এই প্ৰতিযোগিতাখন । প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হিৰেণ গগৈ বিশিষ্ট অতিথিৰূপে উপস্থিত থকাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৱাৰলিফ্টিঙৰ প্ৰশিক্ষক অনুপ কোঁৱৰ, জ্যেষ্ঠ ক্ৰীড়া সংগঠক পৱিত্ৰ দত্ত, সুভাষ শৰ্মা, সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপান্ত ফুকনৰ লগতে বহুকেইজন নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে । উক্ত অনুষ্ঠানতে সদ্য প্ৰয়াত চৰাইদেউ জিলাৰ ক্ৰীড়া পেঞ্চনাৰ প্ৰদীপ চেতিয়াৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে সন্থাৰ কৰ্ম-কৰ্তাসকলে । এই প্ৰতিযোগিতাখনে সকলোলৈকে আনন্দৰ বাৰ্তা কঢ়িয়াব বুলি আশা প্ৰকাশ কৰিছে খেল উদ্যোক্তা কমিটিৰ সদস্যসকলে ৷

লগতে চাওকঃ স্বাধীনতাৰ 73 বছৰ পাছতো উন্নয়নৰ মুখ নেদেখা এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.