ETV Bharat / state

Fishing competition : অমগুৰিত বৰশী বোৱা প্ৰতিযোগিতা, বৰশী বাই লাভ কৰক লাখ টকা

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 4:48 PM IST

শিৱসাগৰ জিলাৰ নামতিৰ ৰজাবাৰীত অনুষ্ঠিত হ’ব বৰশী বোৱা প্ৰতিযোগিতা ৷ অহা 12 নৱেম্বৰত ৰজাবাৰীস্থিত ফুকন ফাৰ্ম হাউছত অনুষ্ঠিত হ’ব এই বৰশী বোৱা প্ৰতিযোগিতা ৷

Fishing competition
অমগুৰিত বৰশী বোৱা প্ৰতিযোগিতা
অমগুৰিত বৰশী বোৱা প্ৰতিযোগিতা

আমগুৰি, 7 নৱেম্বৰ : আপুনিও বৰশী বাই ভাল পাই নেকি ! যদি বৰশী বাই ভাল পাই তেতিয়া হ’লে আপোনালৈ ভাল খবৰ কঢ়িয়াই আনিছে শিৱসাগৰ নামতিৰ ৰজাবাৰী কৃষক সংস্থাই ৷ শিৱসাগৰ জিলাৰ নামতিৰ ৰজাবাৰীত এদিনীয়াকৈ অনুষ্ঠিত হ’ব বৰশী বোৱাৰ প্ৰতিযোগিতা ৷ অহা 12 নৱেম্বৰত ৰজাবাৰীস্থিত ফুকন ফাৰ্ম হাউছত অনুষ্ঠিত হ’ব এই বৰশী বোৱা প্ৰতিযোগিতা ৷

এইক্ষেত্ৰত আয়োজক কমিটিয়ে জনোৱা অনুসৰি, মহাৰাষ্ট্ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশ কৰিব ৷ আনহাতে প্ৰতিযোগিসকলক উৎসাহ জনোৱাৰ বাবে পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে আয়োজক কমিটিয়ে ৷

তেওঁলোকে কয়, ‘‘ বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক একোটিকৈ সাঁ‌চি গছৰ পুলিৰে আদৰণি জনোৱাৰ লগতে আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে । আমি 35 জনক পুৰস্কৃত কৰিম ৷ প্ৰতিগৰাকী প্ৰতিযোগীক এক মিটাৰকৈ স্থান দিয়া হ’ব ৷’’

উদ্যোক্তাসকলে কয়, ‘‘তাৰে প্ৰথম পুৰস্কাৰ হিচাপে দুই লাখ টকা, দ্বিতীয় পুৰস্কাৰ এক লাখ টকা, তৃতীয় পুৰস্কাৰ পঞ্চাছ হাজাৰ টকা, চতুৰ্থ পুৰস্কাৰ ত্ৰিশ হাজাৰ টকা, পঞ্চম পুৰস্কাৰ বিশ হাজাৰ টকা প্ৰদান কৰা হ’ব ৷ তদুপৰি দহজনক দহ হাজাৰ আৰু বিশজনক পাঁচ হাজাৰ টকাকৈ দিয়া হ'ব ৷ সৰ্বমুঠ ছয় লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব বিজয়ী 35 গৰাকী প্ৰতিযোগীলৈ ৷’’

ক’ৰ ক’ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আয়োজক কমিটিৰ বিষয়ববীয়াই কয়, ‘‘চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ ধুবুৰী, কৰিমগঞ্জ, নগাঁও আৰু মৰিগাঁৱৰ পৰা অহা প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিব ৷’’
লগতে পঢ়ক:Rice scam in Amguri:আমগুৰি গাঁও পঞ্চায়ত সমবায় সমিতিত সুলভ মূল্যৰ চাউলৰ কেলেংকাৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.