ETV Bharat / state

আহোমৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য: এজাহাৰ দাখিল

author img

By

Published : Oct 22, 2020, 2:14 PM IST

বিতৰ্কিত সাম্প্ৰদায়িক ফেচবুক পোষ্টৰ বিৰুদ্ধে সৰৱ আহোম জাতীয় গণ মঞ্চ ।এজাহাৰ দাখিল। শিৱসাগৰৰ সোণাৰিৰ নিপন শইকীয়া নামৰ ব্যক্তিজনৰ বিৰুদ্ধে দাখিল কৰা হৈছে এই এজাহাৰ ৷

Fir lounge against communal post upload in facebook sivsagar assam etv bharat news
এজাহাৰ দাখিল

শিৱসাগৰ,22 অক্টোবৰ: এগৰাকী ব্যক্তিৰ এটা ফেচবুক পোষ্টে সৃষ্টি কৰিছে বিতৰ্কৰ ৷ শিৱসাগৰৰ সোণাৰিৰ নিপন শইকীয়া নামৰ ব্যক্তিজনে কিছুদিন পূৰ্বে এক সাম্প্ৰদায়িক মন্তব্যৰে সামাজিক মাধ্য়ম ফেচবুকত আপলোড কৰিছিল এক পোষ্ট ৷ এই পোষ্ট প্ৰকাশৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । উক্ত ফেচবুক পোষ্টটোত ব্যক্তিজনে আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে যথেষ্ট আপত্তিজনক মন্তব্য কৰিছিল ।

Fir lounge against communal post upload in facebook sivsagar assam etv bharat news
সামাজিক মাধ্যমত অশালীন মন্তব্য

সম্প্ৰতি এই ফেচবুক পোষ্টৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আহোম সম্প্ৰদায়ৰ লোকসকলৰ লগতে আহোম জনগোষ্ঠীয় সংগঠনসমূহ । শেহতীয়াকৈ আহোম জাতীয় গণ মঞ্চৰ চৰাইদেউ জিলা সমিতিয়ে সোণাৰি সদৰ আৰক্ষী থানাত এইজন ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । আহোম জাতীয় গণ মঞ্চৰ কৰ্মকৰ্তাসকলে শীঘ্ৰে সমাজত এনেধৰণে সামাজিক মাধ্য়মৰ জৰিয়তে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব খোজা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে আৰক্ষীক ।

লগতে চাওকঃ ডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.