ETV Bharat / state

অ’এনজিচিয়ে জীয়াতু ভোগাইছে আমগুৰিৰ কৃষকক

author img

By

Published : Apr 12, 2021, 9:36 PM IST

অ'এনজিচিৰ বিৰুদ্ধে অবিবেচক সিদ্ধান্তৰ অভিযোগ আমগুৰিৰ ৰাইজৰ ৷ প্ৰতিষ্ঠানটোৰ পৰা নিগৰিত তেলে বিঘাই বিঘাই খেতিপথাৰ নষ্ট কৰাৰ অভিযোগ আমগুৰিৰ কৃষকৰ ৷ খাৰুৱা তেলৰ গাঁতত পৰি পশুধনৰ মৃত্যু হোৱাৰ লগতে দূষিত পানীয়ে স্বাস্থ্যৰ প্ৰতিও ভাবুকি মাতি অনাৰ অভিযোগ লোকসকলৰ ৷

oil leakage
অ'এনজিচিৰ পৰা নিৰ্গত তেলে জীয়াতু ভুগাইছে আমগুৰিৰ কৃষকক

আমগুৰি,12 এপ্ৰিল: অ'এনজিচিৰ দায়িত্বহীন কৰ্মৰ বাবে প্ৰতিষ্ঠানটোৰ পৰা নিগৰিত তেলে বিঘাই বিঘাই খেতিপথাৰ নষ্ট কৰি হোৱাৰ অভিযোগ উত্থাপন কৰি তেলসমূহ পথাৰৰ পৰা আঁতৰোৱাৰ বাবে অ'এনজিচি কৰ্তৃপক্ষক দাবী জনাইছে আমগুৰিৰ ৰাইজে ৷

ৰাইজৰ অভিযোগ অনুসৰি, পাইপ ফুটাৰ লগতে প্ৰতিষ্ঠানটোৰ দেৱালৰ ফাঁকেৰে দূষিত পানী আহি পথাৰত পৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত কৃষিৰ ওপৰতে নিৰ্ভৰশীল ৰাইজে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷ শিৱসাগৰৰ জতকীয়াস্থিত চাৰিআলি জিজিএছৰ বিষয়াৰ নিৰ্দেশত পথাৰৰ মাজত গাঁত খান্দি খাৰুৱা তেলসমূহ পুতি থোৱাৰ লগতে জিজিএছৰ পৰা নিৰ্গত খাৰুৱা তেল তথা দূষিত পানীয়ে ফচল নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি খাৰুৱা তেলৰ গাঁতে জীৱ-জন্তুৰ জীৱনৰ প্ৰতিও ভাবুকি অনা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷ বহু সময়ত খাৰুৱা তেলৰ গাঁতত পৰি পশুধনৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি দূষিত পানীয়ে স্বাস্থ্যৰ প্ৰতিও ভাবুকি অনা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷

তৈল প্ৰতিষ্ঠানটোৰ অবিবেচক সিদ্ধান্তৰ ফলতে সাধাৰণ গাঁৱবাসী তথা চহা খেতিয়কে জীয়াতু ভূগিবলগীয়া হৈছে বুলি জানিবলৈ দি ৰাইজে এতিয়া তেলসমূহ শীঘ্ৰে পথাৰৰ পৰা আঁতৰাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিষ্ঠানটোক আহ্বান জনাইছে ৷ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুত্বহীনতাৰ অভিযোগ আনি ৰাইজে লগতে এইবুলিও অভিযোগ কৰে যে, দীৰ্ঘদিনৰ পৰা এই সমস্যাৰ সন্মুখীন হৈ অহা ৰাইজে প্ৰতিষ্ঠানটোক বাৰে বাৰে এই বিষয়ে অৱগত কৰি আহিছে যদিও প্ৰতিষ্ঠানটোৱে কোনো ধৰণৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা নাই ৷

লগতে পঢ়ক: ক’লা বজাৰত চলিছে নীলা কেৰাচিনৰ বেহা : ক’ত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.