শিৱসাগৰ,22 জুলাই : ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰা (Bimal Bora)ৰ নেতৃত্বত পাওনা বিদ্যুৎ বিল (Electricity Bill) লাভৰ বাবে বিদ্যুৎ বিভাগ (Electricity Department)য়ে ব্যাপক তৎপৰতা প্ৰদৰ্শন কৰিছে । ইতিমধ্যে সমগ্ৰ ৰাজ্যত সময় অনুসৰি বিদ্যুৎ বিল প্ৰদান নকৰাসকলৰ বিদ্যুৎ কৰ্তনৰ ব্যাপক অভিযান আৰম্ভ কৰিছে বিভাগে । লাখ লাখ লোকৰ ঘৰৰ বিদ্যুৎ কৰ্তন কৰিছে বিভাগটোৱে । চৰকাৰী কৰ্মচাৰীক দৰমহাৰ বাবে মাহেকীয়া বিদ্যুৎ পৰিশোধৰ বিল গাঁঠি দিয়াৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।
ইয়াৰ বিপৰীতে নাই নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা । বিদ্যুতৰ লুকা-ভাকুৱে এতিয়া অতিষ্ঠ কৰিছে সাধাৰণ জনতাক ৷ ৰাজ্যৰ এনে তৎপৰতাৰ লগতে শিৱসাগৰ জিলাতো বিদ্যুৎ বিল পৰিশোধ নকৰাসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে শিৱসাগৰ জিলা শক্তি বিভাগে । বিভাগে বিল পৰিশোধত ইমান বেছি তৎপৰ হৈ পৰিছে যে সম্পৰ্কীয়ৰ অন্তেষ্টিক্ৰিয়া কৰি ঘৰলৈ ঘূৰি আহি নাপাওঁতে বিদ্যুৎ বিভাগৰ কৰ্তন দলে বিছিন্ন কৰিছে বিদ্যুৎ সংযোগ ।
আনহাতে বিভাগৰ বিদ্যুৎ খৰচৰ হিচাপ ভুলৰ বাবে নিয়মীয়া বিদ্যুৎ মাচুলতকৈ হাজাৰ গুণ বেছি বিল অহা লোকসকলৰ মাজত বিভাগৰ বিদ্যুৎ কৰ্তনক লৈ সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ।
বিশেষ অসুবিধাৰ বাবে 3-4 হাজাৰ টকাৰ বিল সময়ত দিব নোৱাৰাসকলৰ সংযোগ কৰ্তন কৰিছে বিভাগে । এনে ব্যৱস্থাৰ পাচতো কিন্তু বিদ্যুতৰ নিয়মীয়া যোগান ধৰা হোৱা নাই । সঘনাই বিদ্যুৎ সংযোগ কৰ্তন কৰিছে বিদ্যুৎ বিভাগে । ৰাইজৰ পৰা পাওনাক লৈ তৎপৰ হোৱা এই বিভাগটোৱে কিন্তু চৰকাৰী বিভাগসমূহৰ পাওনাক লৈ তৎপৰ নোহোৱা পৰিলক্ষিত হৈছে । শিৱসাগৰ বিদ্যুৎ বিভাগে প্ৰদান কৰা এক তথ্য অনুসৰি, বিগত বছৰৰ জুলাই মাহতেই শিৱসাগৰ জিলাৰ চৰকাৰী বিভাগৰ বিদ্যুৎ বিলৰ নামত শেষ জাননী আহিছিল । তেতিয়াৰ পৰা আজি পৰ্যন্ত পৰিশোধ নাই চৰকাৰী বিভাগৰ বিদ্যুতৰ বিলৰ ধন ।
2020 চনৰ জুলাই মাহত 7 লাখ 55 হাজাৰ 980 টকা জিলাখনৰ চৰকাৰী বিভাগসমূহৰ বিদ্যুতৰ বিলৰ নামত মাচুল পৰিশোধ কৰিছিল বিভাগে । তেতিয়া জিলাখনৰ চৰকাৰী বিভাগৰ পৰা বিদ্যুৎ বিভাগে পাবলগীয়া মাচুলৰ পৰিমাণ আছিল 1 কোটি 37 লাখ 11 টকা । অৰ্থাৎ এবছৰ পূৰ্বে শিৱসাগৰ জিলাৰ চৰকাৰী বিভাগে বিদ্যুৎ মাচুলৰ নামত পৰিশোধ কৰিবলগীয়া ধন আছিল প্ৰায় ডেৰ কোটি টকা ।
বিগত এবছৰত চৰকাৰী বিভাগৰ পৰা বিদ্যুৎ মাচুলৰ নামত বিদ্যুৎ বিভাগে এটকাও ধন লাভ কৰা নাই বুলি জানিব পৰা গৈছে ।
ইয়াৰ বিপৰীতে চৰকাৰী বিভাগসমূহে বিগত এবছৰত খৰচ কৰা বিদ্যুতৰ মাচুল আগৰ বিলৰ লগত যোগ হৈছে । এতিয়া হয়তো জিলাখনৰ চৰকাৰী বিভাগৰ পৰা বিদ্যুৎ বিভাগে পাব লগা মাচুলৰ পৰিমাণ হ’ব 2 কোটি টকাতকৈও অধিক ৷ বিদ্যুতৰ বিল প্ৰদান নকৰা লোকৰ পৰা বিল পৰিশোধৰ ব্যৱস্থা বিদ্যুৎ বিভাগে গ্ৰহণ কৰিছে সঁচা, কিন্তু ঘাটি পূৰণৰ বাবে ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ পৰা কোটি কোটি টকাৰ বিদ্যুৎ মাচুল কিদৰে লাভ কৰিব, সেয়া হৈ পৰিছে আন এক গুৰুত্বপূৰ্ণ বিষয় ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীক গো-মাংস ভক্ষণৰ প্ৰস্তাৱ আগবঢ়াই বিপদত যুৱতী