শিৱসাগৰ, ২ মাৰ্চ: ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে বয়োজ্যেষ্ঠ, ক'ভিড ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ সুবিধাৰ্থে প'ষ্টেল বেলটৰ সুবিধা প্ৰৱৰ্তন কৰিছে । মঙলবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত এক সংবাদমেলত সম্বোধন কৰি জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত বিষ্ণু কমল বৰাই প'ষ্টেল বেলট সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে । ৮০ বছৰৰ উৰ্ধ্বৰ লোকসকল আৰু বিশেষভাৱে সক্ষম লোকসকলক এই বিশেষ বেলটৰ সুবিধা ল'বলৈ আহবান জনায় ।
নিজ নিজ অঞ্চলৰ বিএলঅ'সকলৰ সৈতে যোগাযোগ কৰি প'ষ্টেল বেলটৰ সুবিধা লাভ কৰিব পাৰিব বুলিও জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । ১২ ডি ফৰ্মৰ জৰিয়তে প'ষ্টেল বেলটৰ বাবে আবেদন কৰাৰ পিছতে এই আবেদন পত্ৰসমূহ নিৰ্বাচনী কাৰ্যালয়ৰ কৰ্মচাৰীয়ে ভোটাৰৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব আৰু তথ্য পঞ্জীয়ন কৰিব । পিছত প'ষ্টেল বেলটৰ বাবে আবেদন কৰা লোকসকলক নিৰ্বাচন কাৰ্যালয়ৰ তৰফৰ পৰা ঘৰতে নিয়মানুসৰি ভোট গ্ৰহণৰ ব্যৱস্থা কৰিব ।
আনহাতে, ক'ভিড ৰোগত আক্ৰান্তসকলকো প্ৰতিৰক্ষামূলক পি পি ই কিট পৰিধান কৰি পুলিং বিষয়াই ভোট গ্ৰহণৰ ব্যৱস্থা কৰিব । ভোট গ্ৰহণৰ পিছত বেলটসমূহ সংগ্ৰহ কৰা হ'ব আৰু ভোট গণনাৰ দিনা গণনা কৰা হ'ব । উল্লেখ্য যে, এবাৰ প'ষ্টেল বেলেটৰ বাবে আবেদন কৰা ব্যক্তিয়ে ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব । মঙলবাৰে সংবাদমেলত সকলো কথা বিতংভাৱে ব্যাখ্যা কৰে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ।
লগতে পঢ়ক:সোণাৰিত বন্দুকসহ দুই নগা দুৰ্বৃত্ত আটক