শিৱসাগৰ, ৭ জানুৱাৰী: বৃহস্পতিবাৰেও জামিন লাভ নকৰিলে কৃষক নেতা অখিল গগৈয়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ জামিন আবেদন খাৰিজ কৰে । প্ৰায় এবছৰৰো অধিক সময়ছোৱা কাৰাবন্দী হৈ থকা কৃষক নেতাগৰাকীৰ জামিন আৱেদন নাকচ হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে শিৱসাগৰৰ আমগুৰি । বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ শাসনক হিটলাৰী শাসন আখ্যা দি প্ৰতিকৃতি দাহ কৰে ।
আমগুৰি নগৰৰ চাৰিআলিত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি গ' বেক ধ্বনিৰে অখিল গগৈক শীঘ্ৰে মুকলিৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখ্য যে, ন্যায়াধীশ কল্যাণ ৰায় চোৰোনা আৰু অজিত বৰঠাকুৰৰ আদালতৰ ৰায়ত নিয়াৰ প্ৰথমটো গোচৰৰ জামিন নাকচ কৰে ।
লগতে পঢ়ক: বিজেপিত যোগদান কৰিলে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়ে