ETV Bharat / state

টেডী বিয়েৰৰ ভিতৰৰ পৰা উদ্ধাৰ নিষিদ্ধ ড্ৰাগছ - Dimow

ডিমৌত টেডী বিয়েৰৰ ভিতৰৰ পৰা নিষিদ্ধ ড্ৰাগছ(Drugs) উদ্ধাৰ ৷ ডিমৌ আৰক্ষীৰ(Dimow Police) অভিযানত মুঠ 125.85 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ দুজন ড্ৰাগছ আসক্ত যুৱকক আটক কৰা হয় ৷

drugs seized inside teddy bear at dimow
ডিমৌত টেডী বিয়েৰত ড্ৰাগছ উদ্ধাৰ
author img

By

Published : Aug 27, 2021, 11:13 AM IST

শিৱসাগৰ, 27 আগষ্ট : এইবাৰ ঘৰৰ পিছফালে, গাঁতৰ ভিতৰত, শৌচাগাৰ অথবা কোনো ঘাঁহনিৰ মাজত নহয়; টেডী বিয়েৰৰ ভিতৰত উদ্ধাৰ হৈছে নিষিদ্ধ ড্ৰাগছ(Drugs) ৷ বৃহস্পতিবাৰে নিশা ডিমৌত এঘৰ মানুহৰ এটা টেডী বিয়েৰৰ ভিতৰত বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰে ডিমৌ আৰক্ষীয়ে(Dimow Police) ৷

ডিমৌ আৰক্ষীৰ এটা দলে দিহাজান এন.চি.চি. আলিৰ নিবাসী নাজিম আহমেদৰ পত্নী জেকীয়া বেগমৰ বাসগৃহত অভিযান চলাই 11 টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰত মুঠ 125.85 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ শইকীয়া, দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল শইকীয়া, উপ-পৰিদৰ্শক প্ৰবীণ বে আৰু সহকাৰী উপ পৰিদৰ্শক দিলীপ বৰাৰ নেতৃত্বত চলিছিল এই অভিযান ৷

ডিমৌত টেডী বিয়েৰত ড্ৰাগছ উদ্ধাৰ

লগতে পঢ়ক: আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ বাবে 400 টা গাহৰি নিধন

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত থাওৰা চাহ বাগিচাত মৰাণ উক্ত ড্ৰাগছৰ ঘটনাৰ সৈতে জড়িত হাটখোলাৰ ৰাহুল দাস (22) আৰু মৰাণ আহোম গাঁৱৰ বিতোপন বৰুৱা (24) নামৰ দুই ড্ৰাগছ আসক্ত যুৱকক আটক কৰা হৈছিল ৷ যুৱক দুজনৰ পৰা AS-33-3206 নম্বৰৰ এখন স্কুটী, এটা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰি যুৱক দুজনক আৰক্ষীৰ হাতত গতাই দিয়ে স্থানীয় ৰাইজে ।

ড্ৰাগছ আসক্ত যুৱকদ্বয়ৰ ভাষ্যৰ ভিত্তিত ডিমৌ আৰক্ষীয়ে অভিযান চলাই মহিলাগৰাকীৰ বাসগৃহৰ পৰা ড্ৰাগছসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি মহিলাগৰাকীসহ যুৱকদ্বয়ৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: বিদ্ৰোহী সংগঠন DNLAই অগ্নিসংগযোগ কৰিলে পাঁচখনকৈ কয়লাভৰ্তি ট্ৰাকত, নিহত 5

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.