ETV Bharat / state

অসম-নগালেণ্ড সীমান্তৰ নামতোলাত ড্ৰাগছ, নগদ ধন জব্দ

author img

By

Published : Aug 13, 2021, 2:18 PM IST

চৰাইদেউ সোণাৰিত অবৈধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত । শুকুৰবাৰে অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আৰক্ষীয়ে জব্দ কৰে ২.৮ গ্ৰাম ড্ৰাগছ । নগদ ৩,৫০০ টকাও জব্দ কৰে আৰক্ষীয়ে ।

Drugs seized at Charaideo
নামতোলাত আৰক্ষীয়ে জব্দ কৰিলে ২.৮ গ্ৰাম ড্ৰাগছ

শিৱসাগৰ, ১৩ আগষ্ট : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ৰ ড্ৰাগছমুক্ত অসম গঢ়াৰ সপোন বাস্তৱায়িত হ'ব নিদিয়াৰ যেন সংকল্প লৈছে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে । আৰক্ষীৰ লাঠিৰ কোব, কাৰাবাস খাটিবলগীয়া হোৱাৰ কষ্ট এইবোৰলৈও ভয় নাই এই অসাধু ব্যৱসায়ীৰ । মাৰাত্মক ড্ৰাগছ যোগান ধৰি নৱ প্ৰজন্মক মৃত্যুমুখলৈ ঠেলি দিছে এইসকল ব্যৱসায়ীয়ে ।

এই ক'লা বেহা বন্ধ কৰাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে শুকুৰবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আৰক্ষীয়ে অভিযান চলায় । নামতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ ডেকাৰ নেতৃত্বত এটা দলে টিলা লাইনৰ ৰিনা টায়েঙৰ ঘৰত অভিযান চলায় ।

এই অভিযানত আৰক্ষীয়ে ২.৮ গ্ৰাম ড্ৰাগছ, দুটা কইণ্টেনাৰ আৰু নগদ ৩,৫০০ টকাও জব্দ কৰে । এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে নামতোলা আৰক্ষীয়ে ।

ড্ৰাগছ সৰবৰাহকাৰীটো টিজিতৰ মহম্মদ আব্দুল আজিছ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পাছতে অসমত ড্ৰাগছৰ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছিল । মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানো অব্যাহত আছে ।

কিন্তু আৰক্ষী তৎপৰ হৈ থকাৰ পাছতো একাংশ ব্যৱসায়ীয়ে ড্ৰাগছৰ অবৈধ বেহা চলাই আছে । প্ৰায় প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ জব্দ হোৱাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে । এই মাৰাত্মক নিচাযুক্ত দ্ৰব্য নৱ প্ৰজন্মলৈ ভয়াৱহ বিপদ মাতি আনিছে ।

লগতে পঢ়ক:ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.