ETV Bharat / state

ডিমৌত লোমহৰ্ষক হত্যাকাণ্ডকলৈ তীব্ৰ চাঞ্চল্য - ডিমৌ আদর্শ চিকিৎসালয়

শনিবাৰে নিশা ডিমৌত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ মৰাণ সমষ্টিৰ নিবাসী শ্যাম ওৰাং নামৰ এজন ব্যক্তিক এটা দুৰ্বৃত্তৰ দলে ডিমৌ সমীপৰ ভলুকাগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে হানি-খুচি হত্যা কৰে। নিৰ্বাচনৰ পূৰ্বে সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই সম্প্ৰতি অঞ্চলজুৰি তীব্ৰ চঞ্চল্যৰ সৃষ্টি কৰিছে ।

ডিমৌত লোমহৰ্ষক হত্যাকাণ্ডকলৈ তীব্ৰ চাঞ্চল্য

author img

By

Published : Mar 14, 2021, 10:53 AM IST

Updated : Mar 14, 2021, 12:01 PM IST

শিৱসাগৰ,14 মাৰ্চ: ৰাজ্যৰ চৌদিশে এতিয়া চলিছে নিৰ্বাচনৰ গৰম বতাহ। তাৰ সমান্তৰাল ভাৱে আৰক্ষী আৰু ফ্লায়িং স্কোৱাৰ্ডৰ হাতত জব্দ হৈছে লাখ লাখ টকা আৰু অবৈধ সুৰা । একেদৰে ঠায়ে ঠায়ে সংঘটিত হৈছে সৰু বৰ নিৰ্বাচনী হিংসাত্মক ঘটনা । শনিবাৰে নিশা ডিমৌত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ৷ মৰাণ সমষ্টিৰ নিবাসী শ্যাম ওৰাং নামৰ এজন ব্যক্তিক এটা দুৰ্বৃত্তৰ দলে ডিমৌ সমীপৰ ভলুকাগুৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে হানি-খুচি হত্যা কৰে । নিৰ্বাচনৰ পূৰ্বে সংঘটিত এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই সম্প্ৰতি অঞ্চলজুৰি তীব্ৰ চঞ্চল্যৰ সৃষ্টি কৰিছে ।

ডিমৌত লোমহৰ্ষক হত্যাকাণ্ডকলৈ তীব্ৰ চাঞ্চল্য

ঘটনা অনুসৰি, ১ নং কছুমাৰীৰ নিবাসী গাড়ী চালক শ্যাম উৰাঙে ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই যোৱাৰ সময়তে এটা দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে । ফলত ডিঙি আৰু দেহৰ বিভিন্ন ঠাইত গুৰুত্বৰভাৱে আঘাট প্ৰাপ্ত হৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰতে ঢলি পৰে। ঘটনাৰ কিছু সময়ৰ পাছতে তেজেৰে ৰাঙলী হৈ পৰা শ্যাম উৰাঙক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত ততালিকে ডিমৌ আদর্শ চিকিৎসালয়লৈ নিয়ে যদিও গুৰুত্বৰ ভাবে আঘাটপ্ৰাপ্ত শ্যাম উৰাঙক চিকিৎসকে মৃত ঘোষণা কৰে। এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মৰাণ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। বৰ্তমান আৰক্ষীৰ তদন্ত অব্যহত আছে যদিও তদন্তৰ অন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য কি ?

লগতে পঢ়ক: বিটিআৰত চৰকাৰ গঠন কৰিব হাগ্ৰামা মহিলাৰীয়ে !

Last Updated : Mar 14, 2021, 12:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.