ETV Bharat / state

শিৱসাগৰত গাৰ্হস্থ্য হিংসাৰ বলি বোৱাৰী

author img

By

Published : Sep 9, 2020, 5:32 PM IST

শিৱসাগৰত পাৰিবাৰিক কন্দলৰ বলি এগৰকী দুৰ্ভগীয়া মহিলা ৷ শাহুৱেক আৰু বৰজনাকৰ আক্ৰোশৰ বলি হ’ল বোৱাৰী ৷ শাৰীৰিক ভাৱে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰ ভাৱে আহত মহিলাগৰাকী ৷

Domestic violence in Sivasagar
শিৱসাগৰত গাৰ্হস্থ্য হিংসাৰ বলি বোৱাৰী

শিৱসাগৰ, 9 ছেপ্তেম্বৰ: ৰাজ্যত পুনৰ নাৰী নিৰ্যাতনৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান শিৱসাগৰ ৷ পাৰিবাৰিক আৰ্থিক লেনদেনক লৈ হোৱা মতানৈক্যৰ বাবে ঘৰৰ বোৱাৰীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ বৰজনাকৰ । আনকি বোৱাৰী নিগ্ৰহত জড়িত হ’ল শাহুৱেক ।

শিৱসাগৰৰ ভূৱন চন্দ্ৰ গগৈ পথৰ এখন বাসগৃহত সংঘটিত হয় এই নাৰী নিৰ্যাতনৰ ঘটনা । ঘৰ ভাড়াৰ পইচাক কেন্দ্ৰ কৰি প্ৰণৱ জ্যোতি চেতিয়াৰ পত্নী ৰিতুমণি চেতিয়াক বগৰাই বগৰাই লাঠিৰে পিটি গুৰুতৰ ভাৱে আহত কৰিলে বৰজনাক নৱজ্যোতি চেতিয়াই । এনে বৰ্বৰোচিত কাৰ্যৰ সংগী হ'ল শাহুৱেক জিনুমাই চেতিয়া

শিৱসাগৰত বোৱাৰী নিৰ্যাতনৰ ঘটনা

বুধবাৰে পুৱা চেতিয়া পৰিয়ালৰ ওপৰমহলাৰ ভাড়াৰ পইচা চৰ্ত অনুসৰি সংগ্ৰহ কৰাৰ বাবে শাহুৱেক জিনুমাই চেতিয়া আৰু বৰজনাক নৱজ্যোতি চেতিয়াই বোৱাৰী ৰিতুমণি চেতিয়াক চুলিত ধৰি মাটিত বগৰাই এডাল লাঠিৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । লগতে প্ৰহাৰ কৰে ভাড়াতীয়া থকা লোককো । এনে বৰ্বৰ প্ৰহাৰৰ ফলত গুৰুতৰ ভাৱে আহত হোৱা ৰিতুমণি চেতিয়াক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইতিমধ্যে ঘটনা সন্দৰ্ভত প্ৰণৱজ্যোতি চেতিয়াই শিৱসাগৰ সদৰ থানাত ভাতৃ আৰু মাতৃৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে । আভ্যন্তৰীণ আঘাতৰ সন্মুখীন হোৱা বাবে মহিলাগৰাকীক উন্নত চিকিৎসাৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিৎসকে ।

উল্লেখযোগ্য যে, বিগত ছয় বছৰে বৰজনাক আৰু শাহুৱেকে বোৱাৰীয়েকক বিভিন্ন কাৰণত শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে নিৰ্যাতিতাই ।

লগতে চাওক-অসমৰ ভূমিত অব্যাহত নগাৰ অবাধ আগ্ৰাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.