ETV Bharat / state

শিৱসাগৰত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু - কোঁৱৰপুৰ শেনচোৱা গাঁও

শিৱসাগৰ জিলাত মাটি মহলত কাম কৰি থকা অৱস্থাত মৃত্যু হয় এজন শ্ৰমিকৰ ৷ শ্ৰমিকজন হেমিদুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷

death-of-a-worker-in-sivsagor
শিৱসাগৰত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু
author img

By

Published : Nov 30, 2020, 6:10 PM IST

শিৱসাগৰ, 30 নৱেম্বৰ: শিৱসাগৰৰ কোঁৱৰপুৰ শেনচোৱা গাঁৱত সোমবাৰে পুৱা এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয় । কোঁৱৰপুৰ শেনচোৱা গাঁৱৰ নিৱাসী পেচাত শ্ৰমিক হেমিদুৰ ৰহমান নামৰ লোকজনে স্থানীয় মাটি মহলত কাম কৰি থকা অৱস্থাত হঠাৎ মাটিয়ে হেঁচা মাৰি ধৰে । মাটি খান্দি থকা অৱস্থাত সংঘটিত এই দুৰ্ঘটনাটো ৷

শিৱসাগৰত কৰ্মৰত অৱস্থাত শ্ৰমিকৰ মৃত্যু

ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় লোকে ততাতৈয়াকৈ মাটি আঁতৰাই নগৰৰ প্ৰগতি চিকিৎসালয়লৈ লৈ যায় শ্ৰমিকজনক ৷ শ্ৰমিকজনৰ স্বাস্থ্যৰ অৱনতি অধিক ঘটাৰ বাবে শ্ৰমিক জনক লৈ যোৱা হয় যোৰহাট মেডিকেল কলেজলৈ ৷ কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বে জাঁজী দলঙৰ সমীপতে মৃত্যু হয় শ্ৰমিকজনৰ ।

ইফালে, মাটি মহল সমূহৰ সুৰক্ষাৰ দিশত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজৰ ৷ প্ৰগতি চিকিৎসালয়ৰ গাফিলতিৰ বাবে শ্ৰমিকজনৰ মৃত্যু হোৱা বুলি দাবী জনায় স্থানীয় ৰাইজে ৷

অন্য এক খবৰৰ বাবে: ৩ ডিচেম্বৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.