ETV Bharat / state

ৰভা নিৰ্মাণ কৰি থাকোতেই শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ

শিৱসাগৰ নগৰত অঘটন(Eectrocution incident in Sivasagar)। এক মাংগলিক অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰি থকা ৰভাৰ ওপৰতেই বিদ্যুৎস্পৃষ্ট হৈ মৃত্য়ু হয় এজন পেণ্ডেলৰ কাম কৰা কৰ্মীৰ । এই ঘটনাটোক লৈ ইতিমধ্যে শিৱসাগৰ নগৰত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Eectrocution incident in Sivasagar
শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু
author img

By

Published : Sep 1, 2022, 6:36 PM IST

শিৱসাগৰ ,১ছেপ্তেম্বৰ: শিৱসাগৰ নগৰৰ মাজমজিয়াৰ ফুকন নগৰত মৰ্মান্তিক ঘটনা(Death due to electrocution in Sivasagar)। এক মা‌ংগলিক অনুষ্ঠানৰ বাবে নিৰ্মাণ কৰি থকা ৰভাত এজন পেণ্ডেলৰ কাম কৰা কৰ্মী নিহত হয় । ফুকন নগৰৰ এজন লোকৰ ঘৰত অনুষ্ঠিত হ'বলগীয়া সকামৰ বাবে এখন ৰভা নিৰ্মাণ কৰি থকা অৱস্থাতে উক্ত ঘটনাটো সংঘটিত হয় ।

শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

উল্লেখ্য় যে টেন্ট হাউছৰ বনুৱাৰূপে নিয়োজিত আছিল দৰিকাপাৰ নাওজান গাঁৱৰ মাইনা গগৈ নামৰ লোকজন । জানিব পৰা মতে,ৰভাৰ টিন তুলিবলৈ ওপৰত উঠি কাম কৰি থকা অৱস্থাত টিনৰ সামান্য ওপৰেদি যোৱা ৪৪০ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত অকস্মাৎ মাইনা লাগি ধৰাত বিদ্যুৎস্পৃষ্ট হৈ ঘটনাস্থলীতে মৃত্যু মুখত পৰে ।

উক্ত ঘটনাটোক লৈ ইতিমধ্যে শিৱসাগৰ নগৰত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিদ্যুৎ তাঁৰৰ সামান্য তলত এইদৰে ৰভা দিওঁতে সাৱধানতা অৱলম্বন নকৰাৰ অভিযোগ উত্থাপন হৈছে । এইদৰে বিপদৰ মাজত কাম কৰোতে বিদ্যুৎ বিভাগৰ সৈতে যোগাযোগ কৰি বিদ্যুৎ কৰ্তন কৰিব লাগিছিল বুলিও একাংশই মন্তব্য কৰিছে । আনহাতে,এই ঘটনাটো সংঘটিত হোৱাৰ এঘণ্টাৰ পাছতো আৰক্ষী উপস্থিত ঘটনাস্থলীত নোহোৱাত ৰ'দে-বৰষুণে ৰভাৰ টিনৰ ওপৰত মৃতদেহ পৰি ৰোৱাক লৈ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় ।

লগতে পঢ়ক:সিদ্ধ কণী নোপোৱাৰ বাবে অংগনৱাড়ী কৰ্মীক প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.