শিৱসাগৰ ,23 মাৰ্চ : শিৱসাগৰ নগৰৰ ৰে'লৱে ষ্টেচনৰ সমীপৰ পুখুৰীত উদ্ধাৰ মৃতদেহ ৷ পুৱা পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক ৷ মৃতদেহটো অজয় মাহাতোৰ বুলি চিনাক্ত ৷
তথ্য অনুসৰি ভিক্ষাৰীপট্টিৰ এঘৰ মানুহৰ ঘৰত সৰুৰে পৰা থকা অজয়ৰ প্ৰকৃত ঘৰ আছিল গেলেকীৰ মিছাজানত ৷ 20 মাৰ্চৰ সন্ধিয়াৰ পৰাই সন্ধানহীন হৈ আছিল অজয় মাহাতো৷ এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাচতো আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ মিছাজানৰে এগৰাকী ব্যক্তিৰ সৈতে শেষ বাৰৰ বাবে অজয়ক চি চি টি ভিত দেখা পাই এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাচতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷