শিৱসাগৰ, 30 মে’: মিছিং জনগোষ্ঠী অসমীয়া সমাজ জীৱনৰ অন্যতম এটা বৃহৎ জনগোষ্ঠী। নিজ ভাষা-সংস্কৃতিৰে চহকী মিছিং সকলৰ আছে নিজস্ব নীতি-পৰম্পৰা-ধৰ্মীয় বিশ্বাস । আলি আই লৃগাং,পঃৰাগ আদিৰ দৰে ডবুৰ মিছিং জনগোষ্ঠীৰ আন্যতম মূল পৰম্পৰাগত ধৰ্মীয় উৎসৱ ৷ এই উৎসৱত ইন্দ্ৰ দেৱতাক উপাসনা কৰে মিছিং সকলে। নৈপৰীয়া মিছিং জনগোষ্ঠীৰ লোকে নদীৰ পাৰত মূল পূজা-পৰ্ব আৰম্ভ কৰাৰ আগত নিজ গাঁৱত ডেকাসকলে দল বান্ধি বিচৰণ কৰে ৷ আদি মানুহৰ বেশভুষা লৈ ইন্দ্ৰ দেৱতালৈ আগবঢ়োৱা নৈবেদ্য গাহৰি-কুকুৰা আদি ভাৰ বৈ গাঁৱৰ ঘৰে ঘৰে অপায়-অমংগল নহ'বলৈ প্ৰাৰ্থনা জনায়। ঘৰৰ বেৰ-চাল আদিত বাঁহৰ লাঠিৰে মাৰি মাৰি অপশক্তি খেদায়। ডবুৰ পূজা মূলতঃ প্ৰকৃতিৰ অপশক্তি,বিপদ,বিপৰ্যয় ৰোধৰ বাবে ইন্দ্ৰ দেৱতাৰ আগত কৰা প্ৰাৰ্থনা। বাৰিষাৰ আগত বানপানী নহ'বৰ বাবে অথবা খেতিৰ বাবে প্ৰয়োজনীয় বৰষুণ হ'বৰ বাবে ডবুৰ পূজাত ইন্দ্ৰ দেৱতাক সন্তুষ্ট কৰাৰ চেষ্টা কৰা হয় মূলত।
লগতে পঢ়ক: জুৰীয়াত চৈধ্যজন লোকক বিদেশী ঘোষণা
শেষত নদীৰ পাৰত নৈবেদ্য গাহৰি-কুকুৰা আদি বলি দিয়া হয় যাতে ইন্দ্ৰৰ লগতে গাঁৱৰ আন আন অপশক্তিয়ে ইয়াক গ্ৰহণ কৰি ইন্দ্ৰ দেৱতাই গাওঁবাসীক আশীৰ্বাদ কৰাৰ লগতে অপশক্তি সমূহে গাওঁ এৰি যায় । অঞ্চল বিশেষে সময় সাপেক্ষে সম্পন্ন কৰা ডবুৰ পূজা শিৱসাগৰৰ মিছিং জনগোষ্ঠী অধ্যুষিত অঞ্চল দিচাংমুখত অনুষ্ঠিত হয়।