ETV Bharat / state

জেৰেঙাৰ বুকুত স্থাপন হ'ব ক্ৰিকেট খেলপথাৰ - Assam cricket association latest news

ৰাইজৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয় অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া ৷ ৰাইজে ক্ৰিকেট খেলপথাৰ নিৰ্মাণৰ বাবে সকলো সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে । সেই অনুসৰি ভটিয়াপাৰৰ জেৰেঙা খেলপথাৰখন অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া সকলে পৰিদৰ্শন কৰি খেলপথাৰ নিৰ্মাণৰ যাৱতীয় স্থল পৰিকল্পনা কৰে ।

Sivsagar
শিৱসাগৰ
author img

By

Published : Sep 29, 2020, 2:22 PM IST

শিৱসাগৰ, 29 ছেপ্টেম্বৰ : সকলো পৰিস্থিতি অনুকূল থাকিলে অনতিপলমে শিৱসাগৰত স্থাপন হ'ব এখন উচ্চ মানদণ্ডৰ ক্ৰিকেট খেলপথাৰ । শিৱসাগৰ নগৰৰ সমীপৰ ভটিয়াপাৰৰ জেৰেঙাত এই খেলপথাৰ স্থাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে । অসম ক্ৰিকেট সন্থাৰ প্ৰত্যক্ষ সহযোগত আৰু ভটিয়াপাৰৰ স্থানীয় সাতখন গাঁৱৰ সহযোগত খেলপথাৰখন নিৰ্মাণৰ কাম সম্পন্ন হ’ব ।

লগতে পঢ়কঃ আজিৰে পৰা পুনৰ মাজুলীলৈ আৰম্ভ হ’ব ফেৰী সেৱা

এই সন্দৰ্ভত সোমবাৰে ভটিয়াপাৰৰ সাতখন গাঁৱৰ ৰাইজৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয় অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া ৷ ৰাইজে ক্ৰিকেট খেলপথাৰ নিৰ্মাণৰ বাবে সকলো সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে। সেই অনুসৰি ভটিয়াপাৰৰ জেৰেঙা খেলপথাৰখন অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া সকলে পৰিদৰ্শন কৰি খেলপথাৰ নিৰ্মাণৰ যাৱতীয় স্থল পৰিকল্পনা কৰে।

শিৱসাগৰ,

অক্টোবৰ মাহৰ পৰা নিৰ্মাণ আৰম্ভ হ'লে ৰঙালী বিহুৰ সময়ত খেলপথাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। এক উন্নতমানৰ খেলপথাৰ, পেভিলিয়নৰ লগতে অনুশীলন ক্ৰিকেট পিটছৰ নিৰ্মাণ কৰিব পৰা যাব বুলি অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই আশা কৰিছে। সকলো পৰিকল্পনা অনুযায়ী হ'লে অসমৰ ছটা জ'নত স্থাপন কৰিব লোৱা ছখন ক্ৰিকেট একাডেমীৰ এখন এই খেলপথাৰতো স্থাপন কৰিব পৰাৰ সম্ভাৱনা প্ৰকট কৰিছে সম্পাদক দেৱজিৎ শইকীয়াই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.