নাজিৰা,1 জুন: ৰাজ্যত দিনক দিনে কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । কৰ’ণা মহামাৰীক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যৰ চৰকাৰ, প্ৰশাসনে ইখনৰ পিছত সিখন নিৰ্দেশনা (covid sop) জাৰি কৰিছে ।
সোমবাৰে নাজিৰাৰ শিমলুগুৰিৰ নাট্য মন্দিৰত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা, নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপৰ লগতে স্থানীয় লোকসকলৰ মাজত ক'ৰণা মহামাৰী সম্পৰ্কীয় এখনি পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।
এই পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে চিকিৎসক, আৰক্ষী-প্ৰশাসন, পঞ্চায়তৰ প্ৰতিনিধি, আশা কৰ্মী, অংগনবাদী কৰ্মীসকলে । এই পৰ্যালোচনা সভাত নাজিৰাৰ চাহ বাগিচা, গ্ৰামাঞ্চল, চহৰাঞ্চল আদিত কিদৰে ক’ভিড প্ৰতিৰোধমূলক ব্যৱস্থা (protective measures for covid) সমূহ গ্ৰহণ কৰা হ’ব, সেই সম্পৰ্কে আলোচনা কৰাৰ লগতে সকলো ৰাইজকে ক’ভিডৰ প্ৰতি অধিক সজাগ হ'বলৈ আহ্বান জনোৱা হয় ।
লগতে পঢ়ক: মৈৰাবাৰী বজাৰত চোৰৰ লুটপাট অব্যাহত