আমগুৰি,২৩ফেব্ৰুৱাৰী: পেট্ৰ'ল-ডিজেলকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে শিৱসাগৰ জিলাৰ আমগুৰিত কংগ্ৰেছ দলে সাব্যস্ত কৰিলে এক অভিনৱ প্ৰতিবাদ । নগৰ খনৰ তেল ডিপোত সমবেত হৈ ব্লক কংগ্ৰেছৰ কৰ্মীসকলে পূজা কৰাৰ লগতে গামোছা প্ৰদান কৰিলে তেল ক্ৰয় কৰিবলৈ অহা নাগৰিকসকলক । যথেষ্ট দাম বৃদ্ধিৰ পিছতো উপায়হীন জনতাই তেল আৰু সামগ্ৰী ক্ৰয় কৰিবলৈ অহা গ্ৰাহকক ফুল চটিয়াই, ধূপ-চন্দনেৰে পূজা কৰি এই কাৰ্যসূচী ৰূপায়ণ কৰি এক প্ৰকাৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ।
কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ নেতৃত্বত আমগুৰি ব্লক কংগ্ৰেছৰ বহু কৰ্মীয়ে এক প্ৰতিবাদী সমদলো উলিয়াই । লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি কংগ্ৰেছ কৰ্মীসকলে চৰকাৰক অতি শীঘ্ৰে মূল্য হ্ৰাস কৰাৰ বাবে দাবী জনায় ।
লগতে পঢ়ক:নগাঁৱত স্থাপন হ'ব প্ৰথমখন চৰকাৰী আইন মহাবিদ্যালয়