ETV Bharat / state

শিৱসাগৰত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণথলী পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আগন্তুক 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া ভূমিপট্টা প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি পৰ্বৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী ৷ সকলো বিভাগীয় বিষয়াক সু-সমন্বয় বজাই ৰাখি প্ৰস্তুতি পৰ্ব সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান মুখ্য়মন্ত্ৰীৰ ৷

cm visited to sivasagar
শিৱসাগৰত মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Jan 19, 2021, 8:38 PM IST

শিৱসাগৰ,19 জানুৱাৰী : শিৱসাগৰৰ জেৰেঙা পথাৰত মঙলবাৰে উপস্থিত হৈ আগন্তুক 23 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া ভূমিপট্টা প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি পৰ্বৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সকলো বিভাগৰ বিষয়াসকলক সু-সমন্বয়ৰে আৰু ক্ষীপ্ৰতাৰে প্ৰস্তুতি পৰ্ব সম্পন্ন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

শিৱসাগৰত মুখ্যমন্ত্ৰী সোণোৱাল

ইয়াৰোপৰি, তেওঁ শিৱসাগৰ জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী-বিষয়াসকলৰ সৈতে এই সন্দৰ্ভত পৰ্যালোচনা কৰে ৷ পৰ্যালোচনা কালত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিৱসাগৰ ভ্ৰমণ উপলক্ষে শিৱসাগৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে এক মহান উদ্দেশ্যেৰে ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত হ’ব ৷ সেয়েহে এই সভাখন যাতে নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে প্ৰশাসন, আৰক্ষীৰ লগতে জনসাধাৰণে দায়বদ্ধতাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷

ক’ভিড-19ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সভাস্থলীত উপস্থিত থকা সকলোৱে যাতে মাস্ক পৰিধান কৰে সেইটো নিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগৰ কৰ্মকৰ্তাসকলক নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে জনস্বাস্থ্য কাৰিকৰী, লোক নিৰ্মাণ, এপিডিচিএল, পৰিবহণ আদি বিভাগে ৰূপায়ণ কৰা কাম-কাজৰ অগ্ৰগতিৰো বুজ লয় ৷ প্ৰস্তুতিমূলক ব্যৱস্থাসমূহ যাতে সঠিক আৰু ক্ষীপ্ৰতাৰে সম্পন্ন হয় তাৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে ভূমিপট্টা গ্ৰহণ কৰিবলগীয়া হিতাধিকাৰীসকলৰ আৰটিপিচিআৰ টেষ্ট কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ৷ তেওঁ প্ৰস্তুতিৰ বুজ লোৱাৰ সময়ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী যোগেন মহন, সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক কুশল দুৱৰী, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জিপি সিং, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া তথা বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ আগমনক লৈ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.