ETV Bharat / state

Solar power plant in Amguri : আজি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব উত্তৰ-পূৱৰ সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প

author img

By

Published : May 31, 2022, 8:56 AM IST

সুদীৰ্ঘ ৩১ বছৰৰ অন্তত মঙলবাৰে ৰাজ্যত উদ্বোধন হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প (First largest solar power plant in Northeast) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমগুৰিস্থিত সৌৰশক্তি প্ৰকল্পটো মুকলি কৰিব (CM sarma to be inaugurate Solar power plant in Amguri) ৷

chief-minister-dr-himanta-biswa-sharma-to-inaugurate-first-largest-solar-power-plant-in-northeast
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

আমগুৰি, ৩১ মে’ : ৰাজ্যবাসীলৈ সুখবৰ ৷ সুদীৰ্ঘ ৩১ বছৰৰ অন্তত মঙলবাৰে ৰাজ্যত শুভাৰম্ভ কৰা হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ সৌৰশক্তি প্ৰকল্প (First largest solar power plant in Northeast) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমগুৰিস্থিত সৌৰশক্তি প্ৰকল্পটো শুভ উদ্বোধন কৰিব (CM sarma to be inaugurate Solar power plant in Amguri) ৷ বৰ্তমানলৈ প্ৰকল্পটোত ৭০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰিব পাৰিব ৷ পৰৱৰ্তী সময়ত আৰু ৩০ মেগাৱাট শক্তি বৃদ্ধি কৰি ইয়াৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা হ’ব ১০০ মেগাৱাটলৈ ৷

লগতে চাওক: আমগুৰিৰ ‘সৌৰশক্তি পাৰ্ক’ৰ নিৰ্মাণ কাৰ্য সমাপ্তিৰ দিশে

১৯৯০ চনতেই অসম চুক্তিৰ আধাৰত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত(Prafulla Kumar Mahanta) ই এটা তাপ বিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ৷ আমগুৰিৰ লালিম চাপৰিত ১১০০ বিঘা ভূমি অধিগ্ৰহণ কৰি প্ৰকল্পটোৰ কাম হাতত লোৱা হৈছিল যদিও, ৰাজনৈতিক মেৰপেচত পৰাত সেই প্ৰকল্পটো বন্ধ কৰিবলগীয়া হৈছিল । ইয়াৰ পিছতে পুনৰ ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লালিম চাপৰিৰ তাপ বিদ্যুৎ প্ৰকল্পৰ স্থানতেই সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷

যোৱাটো বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত জাঁজীৰ এক নিৰ্বাচনী প্ৰচাৰত হিমন্ত বিশ্ব শৰ্মাই আমগুৰি সমষ্টিৰ পৰা প্ৰদীপ হাজৰিকাক জয়যুক্ত কৰিলে সমষ্টিবাসীক সৌৰশক্তি প্ৰকল্প উপহাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কেৱল আমগুৰি সমষ্টিবাসীৰে নহয়, এই সৌৰশক্তি প্ৰকল্পটোৱে অসমৰ শক্তিখণ্ডত নতুন দিগন্তৰ সূচনা কৰিব ৷

মঙলবাৰে প্ৰকল্পটোৰ উদ্বোধনী অনুষ্ঠানত শক্তি মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকিব ।

লগতে পঢ়ক: ২৮ ফেব্ৰুৱাৰীত উদ্বোধন হ'ব আমগুৰিৰ সৌৰশক্তি প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.