ETV Bharat / state

আত্মসহায়ক গোটৰ নামত মহিলাৰ পৰা লুট লক্ষাধিক টকা

ৰাজ্যৰ পুনৰ ভয়ংকৰ অৰ্থনৈতিক ঠগবাজীৰ জাল মেলিছে একাংশ ভুৱা আৰু বহিৰাগত কোম্পানীয়ে ৷ শেহতীয়াকৈ শিৱসাগৰ জিলাত ভুৱা কোম্পানীয়ে লুটিলে সাধাৰণ মহিলাক ৷ চন্দ্ৰবংশী নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷

ক্ষুদ্ৰ সঞ্চয়ৰ নামত ভুৱা বিত্তীয় কোম্পানীৰ লুন্ঠন
author img

By

Published : Sep 21, 2019, 8:13 PM IST

শিৱসাগৰ, 21 চেপ্তেম্বৰঃ বিভিন্ন চিটফাণ্ড কোম্পানীক চৰকাৰে নাকী লগাই আহিছে যদিও একাংশ ভুৱা কোম্পানীয়ে এতিয়াও মাধমাৰ দি আছে ৰাইজক । শিৱসাগৰত চন্দ্ৰবংশী নিধি লিমিটেড নামৰ এটা ভুৱা প্ৰতিষ্ঠানে সহজ-সৰল ৰাইজক আত্মসহায়ক গোটৰ লোভ দেখুৱাই লুটি নিলে লাখ লাখ টকা ।

ক্ষুদ্ৰ সঞ্চয়ৰ নামত ভুৱা বিত্তীয় কোম্পানীৰ লুন্ঠন

চন্দ্ৰবংশী নিধি লিমিটেড নামৰ এক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ শিৱসাগৰ শাখাৰ প্ৰৱন্ধক জিতু গগৈ আৰু দীপা আহমেদ নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ । বিগত বৰ্ষত জিতু গগৈ আৰু দীপা আহমেদ নাম মহিলাগৰাকীয়ে শিৱসাগৰৰ বহু মহিলাৰ পৰা এক লাখ টকাৰ ঋণ দিয়াৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰে বহু লাখ টকা । জিতু আৰু দীপা আহমেদে ঋণ প্ৰদানৰ বাবে বেংক একাউণ্ট খোলা আৰু বীমাকৰণৰ নামত শিৱসাগৰৰ প্ৰায় ২০০ মহিলাৰ প্ৰতি গৰাকীৰে পৰা সংগ্ৰহ কৰে ৬৫০০ টকাকৈ । এইদৰে দহ লাখৰো অধিক ধন লুট কৰি শিৱসাগৰৰ পৰা কাৰ্যালয় উঠাই নিয়ে শিলচৰস্থিত চন্দ্ৰবংশী নিধি লিমিটেড নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে ।

মুল অভিযুক্ত জিতু গগৈ

আনহাতে এই সমস্ত বিষয়ত নিজক ধোৱা তুলসীৰ পাত সজাব গৈছে প্ৰৱঞ্চক জিতুৱে । মহিলা সকলৰ পৰা সংগ্ৰহ কৰা সমস্ত ধন যোৰহাট কাৰ্যালয়ক জমা দিয়া বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে প্ৰৱঞ্চক জিতুৱে । কিন্তু ভুক্তভোগী মহিলাসকলৰ অভিযোগ অনুসৰি, জিতু আৰু দীপা নামৰ মহিলা গৰাকীয়ে আত্মসাৎ কৰিছে তেওঁলোকৰ সমষ্ট কষ্টোপাৰ্জিত ধন । ইতিমধ্যে বিষয়টো লৈ মহিলাসকলে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিল যদিও এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে ।

Intro:Body:*শিৱসাগৰত গোটৰ নামত লুট--দুখীয়া মহিলাৰ পৰা গোটৰ ঋণৰ নামত লাখ লাখ টকা লুটিলে প্ৰৱঞ্চকে*

Story-FINANCIAL_LOOT
Ananta Smith
Sivasagar
21th September

A_SVR_21ST_SEP_805-808_FINANCIAL_LOOT_7203499

বিভিন্ন চিটফাণ্ড কোম্পানীক লৈ চৰকাৰে নাকী লগাই আহিছে যদিও এতিয়াও একাংশ ভুৱা কোম্পানীয়ে মাধমাৰ দি আছে ৰাইজক।চন্দ্ৰবংশী নিধি লিমিটেড নামৰ এটা ভুৱা প্ৰতিষ্ঠানে শিৱসাগৰৰ পৰা লুটি নিলে লাখ লাখ টকা।

চন্দ্ৰবংশী নিধি লিমিটেড নামৰ এক ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ শিৱসাগৰ শাখাৰ প্ৰৱন্ধক এইজন জিতু গগৈ।বিগত বৰ্ষত উক্ত শিলচৰৰ ভুৱা প্ৰতিষ্ঠানৰ হৈ জিতু গগৈ আৰু দীপা আহমেদ নামৰ এগৰাকী মহিলাই শিৱসাগৰৰ বহু মহিলাৰ পৰা গোটত এক লাখ টকাৰ ঋণ দিয়াৰ প্ৰতিশ্ৰুতি দি সংগ্ৰহ কৰিলে বহু লাখ টকা।ধূৰ্ত জিতু আৰু দীপা আহমেদ শিৱসাগৰৰ প্ৰায় ২০০ মহিলাৰ পৰা ঋণ প্ৰদানৰ বাবে বেংক একাউণ্ট খোলা আৰু বীমাকৰণৰ নামত সংগ্ৰহ কৰিলে প্ৰতি গৰাকী মহিলাৰ পৰা ৬৫০০ টকা।এইদৰে দহ লাখৰো অধিক ধন লুট কৰি শিৱসাগৰৰ পৰা কাৰ্যালয় উঠাই নিয়ে শিলচৰৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানটোৱে।নিজৰ গাঠিৰ ধন ভাঙি ঋণটো দূৰৰ কথা এতিয়া নিজৰ জমা পুঁজিও লাভ কৰা নাই এই সকল মহিলাই।

Bite1-ভুক্তভোগী মহিলা
Bite2-ভুক্তভোগী মহিলা

আনহাতে এই সমস্ত বিষয়ত নিজক ধোৱা তুলসীৰ পাত সজাব গৈছে প্ৰৱঞ্চক জিতুৱে।মহিলা সকলৰ পৰা সংগ্ৰহ কৰা সমস্ত ধন যোৰহাট কাৰ্যালয়ক জমা দিয়া বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে।

Bite3-জিতু গগৈ

কিন্তু প্ৰৱঞ্চিত মহিলা সকলৰ অভিযোগ জিতু আৰু দীপা নামৰ মহিলা গৰাকীয়ে আত্মসাৎ কৰিছে।সমগ্ৰ বিষয় লৈ মহিলা সকলে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰা হৈছিল যদিও এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.