ETV Bharat / state

গৌৰীসাগৰ ৰেচম পামৰ হীৰক জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ সামৰণি

author img

By

Published : Dec 20, 2021, 8:09 PM IST

শিৱসাগৰৰ গৌৰীসাগৰ ৰেচম পামৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ সফল সামৰণি(Diamond Jubilee of Gaurisagar sericulture farm) । মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিভাগীয় মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম । অনুষ্ঠানটিৰ লগত সংগতি ৰাখি মুগা-পাট পলুৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয় ।

Gaurisagar sericulture farm
গৌৰীসাগৰ ৰেচম পামৰ হীৰক জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ সামৰণি

গৌৰীসাগৰ, ২০ ডিচেম্বৰ: শিৱসাগৰৰ গৌৰীসাগৰ চৰকাৰী ৰেচম পামৰ স্থাপনৰ ৭৫ বছৰ উপলক্ষে দুদিনীয়াকৈ বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়(75th years of Gaurisagar sericulture farm) । অসমৰ ৩৩৬ খনৰ ৰেচম পামৰ ভিতৰত অন্যতম গৌৰীসাগৰ ৰেচম পামেই একমাত্ৰ ৰেচম পাম, যি হীৰক জয়ন্তী বৰ্ষ উদযাপন কৰিছে ।

দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ দেওবাৰে সামৰণি পৰে । দেওবাৰে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম(UG Brahma takes part in Gaurisagar sericulture farm prrogram) । হীৰক জয়ন্তী বৰ্ষ উপলক্ষে মুগা-পাট পলুৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয় ।

লগতে ছাত্র-ছাত্ৰীসকলৰ বাবে বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয় । শনিবাৰে দুজন বিজ্ঞানীয়ে ছাত্র ছাত্ৰীসকলক পাট,মুগা আৰু এৰী পলু পালন, উৎপাদন সম্পৰ্কে অৱগত কৰে ।

আনহাতে, মুকলি সভাত উপস্থিত থাকি মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কয় যে, শিৱসাগৰ এখন ঐতিহ্যমণ্ডিত ঠাই আৰু শিৱসাগৰত পাট-মুগা উৎপাদনৰ যথেষ্ট সম্ভাৱনীয়তা আছে । সেয়েহে ব্ৰিটিছ ৰাজত্বৰ দিনতে স্থাপিত গৌৰীসাগৰ ৰেচম পামক এক আদৰ্শ পাম হিচাপে গঢ়ি তোলাৰ লগতে গ্ৰাম অৰ্থনীতি টনকিয়াল কৰিব পৰাকৈ পাট আৰু মুগা পলু পালকসকলৰ বাবে শীঘ্ৰেই চৰকাৰে আঁচনি গ্ৰহণ কৰিব বুলিও তেওঁ মন্তব্য কৰে ।

পুৱা ন-পুৰণি সতীৰ্থ সন্মিলন কাৰ্যসূচীৰ পাচতে দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত শিৱসাগৰ জিলা ৰেচম বিভাগৰ সঞ্চালক কন্দৰ্প শৰ্মা, গৌৰীসাগৰ জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়া, অন্যান্য বিভাগীয় অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে । হীৰক জয়ন্তী উপলক্ষে মুঠ ৭৫ খন পতাকা উত্তোলন কৰা হয় ।

কম সময়তে পাট-মুগা সূতা কটা যন্ত্ৰও প্ৰদৰ্শন কৰা হয় । হীৰক জয়ন্তী উপলক্ষে কেইবাজনো পলু পালকক পলু আৰু সূতা প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনোৱা হয় । মুকলি সভাত চন্দ্ৰকী নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৰেচম বিভাগৰ প্ৰাক্তন সঞ্চালক ডঃ যোগেশ দেউৰীয়ে । সভাত যথেষ্ট সংখ্যক পলুপালক আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ৮৩ বছৰীয়া যাত্ৰা : অনুষ্ঠিত হ'ল প্ৰাক্তন ছাত্ৰ সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.