ETV Bharat / state

শিৱসাগৰৰ বিভিন্ন প্ৰান্তত অব্যাহত CAA বিৰোধী প্ৰতিবাদ

author img

By

Published : Dec 27, 2019, 11:56 PM IST

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত 'গণ প্ৰতিবাদ' কাৰ্যসূচী ৷ আমগুৰিতো CAA বাতিলৰ দাবীত নামতি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজৰ উদ্যোগত অৱস্থান ধৰ্মঘট ৷

ধাৰাবাহিকভাৱে অব্যাহত CAA বিৰোধী প্ৰতিবাদ

শিৱসাগৰ, 27 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত 'গণ প্ৰতিবাদ' কাৰ্যসূচী ৷ এই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰ খেলপথাৰত ৷

'গণ প্ৰতিবাদ' কাৰ্যসূচীত মুখ্য বক্তা হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও শিল্পীৰ আৰু বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গ ৷ পলাশ চাংমাইয়ে প্ৰতিবাদ দমনৰ বাবে চৰকাৰে দমনমূলক নীতি গ্ৰহণ কৰাৰ লগতে বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু অখিল গগৈৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰি এক নিকৃষ্ট দমননীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰে ।

শিৱসাগৰত 'গণ প্ৰতিবাদ' কাৰ্যসূচী

আমগুৰি: ইফালে জিলাখনৰ আমগুৰিতো CAA বাতিলৰ দাবীত নামতি চাৰিআলি সন্মিলিত মুছলিম যুৱ সমাজৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷

আমগুৰিতো CAA বাতিলৰ দাবীত ন্মিলিত মুছলিম যুৱ সমাজৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী

লগতে পঢ়ক: CAA বিৰোধী আন্দোলনৰ প্ৰভাৱত উকা ৰাজ্যৰ বনভোজস্থলী

Intro:Body:নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত "গণ প্ৰতিবাদ" কাৰ্যসূচী।

শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিৰ টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰ খেলপথাৰত অনুষ্ঠিত "গণ প্ৰতিবাদ" কাৰ্যসূচীত মুখ্য বক্তা ৰূপে অংশ গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই।

কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা গণ প্ৰতিবাদ অনুষ্ঠানত কেইবাগৰাকী শিল্পীৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গই ভাগ লৈ নিজ নিজ বক্তব্য আগবঢ়াই।

জাতীয়তাবাদী নেতা পলাশ চাংমাইয়ে ৰাইজৰ কা বিৰোধী প্ৰতিবাদ দমনৰ বাবে চৰকাৰে দমনমূলক নীতি গ্ৰহণ কৰাৰ লগতে বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি উল্লেখ কৰি কয় যে অখিল গগৈৰ দৰে নেতাক গ্ৰেপ্তাৰ কৰি এক নিকৃষ্ট দমননীতি আৰম্ভ কৰিছে।

Bite- পলাশ চাংমাইConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.