ETV Bharat / bharat

সন্ত্ৰাসমুক্ত ভাৰত গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ: অমিত শ্বাহ - ANTI TERROR CONFERENCE 2024

Amit Shah on Terrorism: বিজেপি চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ কথা পুনৰ এবাৰ সোঁৱৰাই দিলে গৃহমন্ত্ৰী অমিত শ্বাহে ।

Amit Shah on Terrorism
সন্ত্ৰাসমুক্ত ভাৰত গঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ মোদী চৰকাৰ (ANI)
author img

By ANI

Published : Nov 7, 2024, 7:39 AM IST

নতুন দিল্লী : শেহতীয়াকৈ দেশত বিশেষ জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কেইবাটাও ঘটনা সংঘটিত হৈছে । যাক লৈ দেশবাসী আতংকিত হৈ আছে । এনে সময়তে গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাইজক আশ্বাস দিছে যে সন্ত্ৰাসমুক্ত দেশ গঢ়িবলৈ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ । বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সন্ত্ৰাসবাদ বিৰোধী সন্মিলনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য কৰে ।

সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে । সামাজিক মাধ্যমৰ এটা গৈ শ্বাহে লিখিছে, "মোদী চৰকাৰে শূন্য সহনশীলতাৰ নীতিৰে সন্ত্ৰাসমুক্ত ভাৰত গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া দুদিনীয়া সন্ত্ৰাসবাদ বিৰোধী সন্মিলনে ভাৰতৰ নিৰাপত্তা দুৰ্গ শক্তিশালী কৰাৰ বাবে সংস্থাসমূহৰ মাজত সমন্বয় আৰু বৃদ্ধি কৰিব । কাইলৈ সন্মিলনখন সম্বোধন কৰিবলৈ আগ্ৰহেৰে ৰৈ আছো ।"

সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৪

গৃহ মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰে যে সন্ত্ৰাসবাদ বিৰোধী সন্মিলনত এক একত্ৰিত, 'সমগ্ৰ চৰকাৰ' দৃষ্টিভংগীৰ জৰিয়তে সন্ত্ৰাসবাদৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বয় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । অনুষ্ঠানটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ দ্বাৰা আয়োজিত কৰা হ'ব আৰু ভৱিষ্যতৰ সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু ৰণনীতি গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হ'ব ।

গৃহ মন্ত্ৰালয়ে বিবৃতিত উল্লেখ কৰা মতে এই সন্মিলনে জ্যেষ্ঠ আৰক্ষী বিষয়া, কেন্দ্ৰীয় সংস্থাৰ বিষয়া লগতে আইন, ফৰেনচিক আৰু প্ৰযুক্তিৰ বিশেষজ্ঞসকলক একত্ৰিত কৰি সন্ত্ৰাসবাদ বিৰোধী আইনী পৰিকাঠামো, গোচৰৰ প্ৰত্যাহ্বান আৰু উদীয়মান প্ৰযুক্তিৰ ভূমিকাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰিব ।

আলোচনাত সমগ্ৰ ভাৰতত চলি থকা সন্ত্ৰাসবাদী নেটৱৰ্কসমূহ ধ্বংস কৰাৰ বাবে আন্তৰ্জাতিক আইনী সহযোগিতা আৰু ৰণনীতিৰ বিষয়েও আলোচনা কৰা হ'ব । সন্ত্ৰাসবাদ বিৰোধী সন্মিলন-২০২৪ৰ মূল গুৰুত্ব হৈছে 'সমগ্ৰ চৰকাৰী দৃষ্টিভংগীৰ' ভাৱনাৰে সন্ত্ৰাসবাদৰ বিপদৰ বিৰুদ্ধে সমন্বিত পদক্ষেপৰ বাবে সহযোগিতা স্থাপন কৰি বিভিন্ন অংশীদাৰসকলৰ মাজত সমন্বয় বিকাশ কৰা ।

গৃহ মন্ত্ৰালয়ে বিবৃতিত উল্লেখ কৰিছে যে বৈঠকৰ উদ্দেশ্য হৈছে ভৱিষ্যতৰ নীতি প্ৰণয়নৰ বাবে গুৰুত্বপূৰ্ণ ইনপুট উপস্থাপন কৰা । সন্মিলনখনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, সন্ত্ৰাসবাদ বিৰোধী বিষয়ৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ সৈতে মোকাবিলা কৰা কেন্দ্ৰীয় সংস্থা আৰু বিভাগসমূহৰ বিষয়া আৰু আইন, ফৰেনচিক আৰু প্ৰযুক্তিৰ দৰে সম্পৰ্কিত ক্ষেত্ৰৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :উত্তৰ কাশ্মীৰত দুটা পৃথক এনকাউণ্টাৰ; ২ টা সন্ত্ৰাসবাদী নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.