ETV Bharat / international

পৰাজয় স্বীকাৰ কৰি আৱেগিক ভাষণ কমলা হেৰিছৰ

Kamala Harris defeat: ৰাষ্ট্ৰপতি নিৰ্বাচনত ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিছতে দেশবাসীক সম্বোধন উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ।

Kamala Harris defeat
পৰাজয় স্বীকাৰ কৰি আৱেগিক ভাষণ কমলা হেৰিছৰ (ANI)
author img

By ANI

Published : Nov 7, 2024, 9:57 AM IST

ৱাশ্বিংটন : ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজয়ৰ পিছতে আৱেগিক হৈ পৰিল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ । পৰাজয় নিশ্চিত হোৱাৰ পিছতে কমলা হেৰিছে হাৱাৰ্ড বিশ্ববিদ্যালয়ত সমৰ্থকসকলক সম্বোধন কৰে । পৰাজিত হ'লেও দেশৰ উন্নতিৰ আশা ব্যক্ত কৰে হেৰিছে ।

উল্লেখ্য যে ড'নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে । তেওঁ উইচকনচিনত এক গুৰুত্বপূৰ্ণ বিজয়ৰ সৈতে ২৭০ সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰে । দেশবাসীক সম্বোধন কৰি হেৰিছে আশা প্ৰকাশ কৰে যেতিয়ালৈকে মানুহে যুঁজ দি থাকিব তেতিয়ালৈকে আমেৰিকাৰ প্ৰতিশ্ৰুতি উজ্জ্বলি থাকিব ।

তেওঁ কয়, "মোৰ ওপৰত থকা আপোনালোকৰ বিশ্বাসে মোৰ হৃদয় ওপচাই পেলাইছে । দেশৰ প্ৰতি থকা আপোনালোকৰ মৰম আৰু সংকল্প দেখি মই অভিভূত হৈছোঁ । এই নিৰ্বাচনৰ ফলাফল আমি বিচৰা নাছিলোঁ, আমি যিটোৰ বাবে যুঁজিছিলো সেয়া নহ'ল, আমি যি ভোট দিছিলো সেয়া নহ'ল । কিন্তু মই কওঁ আমেৰিকাৰ প্ৰতিশ্ৰুতি সদায় উজ্জ্বল হৈ থাকিব । আমি কেতিয়াও হাৰ মানি নাযাওঁ আৰু আমি যুঁজি থাকিম ।"

পৰিয়াল আৰু দলক কৃতজ্ঞতা জ্ঞাপন

হেৰিছে ভাষণ প্ৰসংগত তেওঁৰ স্বামী ডগলাছ এমহফ, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু তেওঁৰ পৰিয়ালৰ লগতে গোটেই দলটোক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।

নিৰ্বাচনৰ সময়ত তেওঁৰ দলে যিদৰে পৰিশ্ৰম কৰিছিল সেই কথা স্মৰণ কৰি হেৰিছে অশ্ৰুসিক্ত নয়নেৰে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয়, "আমি যি ধৰণে প্ৰচাৰ চলাইছিলো তাৰ বাবে মই বহুত গৌৰৱান্বিত । এই অভিযানৰ ১০৭ দিনত আমি সমন্বয় গঢ়ি তোলা আৰু মিত্ৰতা স্থাপন কৰা, জীৱন আৰু পৃষ্ঠভূমিৰ প্ৰতিটো ক্ষেত্ৰৰ লোকসকলক একত্ৰিত কৰা, আমেৰিকাৰ ভৱিষ্যতৰ বাবে আমাৰ যুঁজত উৎসাহ আৰু আনন্দৰ সৈতে একত্ৰিত কৰাৰ বাবে প্ৰতিশ্ৰুতি দি আহিছিলো । এতিয়া, মই জানো যে মানুহে এই মুহূৰ্তত বিভিন্ন ধৰণৰ আৱেগত আছে । মই সেইটোও জানো । কিন্তু আমি এই নিৰ্বাচনৰ ফলাফল গ্ৰহণ কৰিব লাগিব ।"

ড'লাল্ড ট্ৰাম্পক শুভেচ্ছা

হেৰিছে লগতে কয় যে তেওঁ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতিছে আৰু এই জয়ৰ বাবে তেওঁক অভিনন্দন জনাইছে । তেওঁ কয়, "আমি তেওঁক আৰু তেওঁৰ দলক তেওঁলোকৰ পৰিৱৰ্তনত সহায় কৰিম আৰু আমি শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ কৰিম । আমেৰিকান গণতন্ত্ৰৰ এক মৌলিক নীতি হৈছে যে যেতিয়া আমি নিৰ্বাচনত পৰাজিত হওঁ, আমি ফলাফলবোৰ গ্ৰহণ কৰো ।"

লগতে পঢ়ক :ট্ৰাম্পৰ বিজয়; কেনেদৰে লাভান্বিত হ'ব ভাৰত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.