নগাঁও: ৰকিবুল হুছেইনৰ সংবাদ মেলত বাজিল ‘‘আকৌ এবাৰ মোদী চৰকাৰ’’ গীতটো । বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ গীতটো কিয় হঠৎ নিজেই বজালে ৰকিবুল হুছেইনে ? তাৰো আছে কাৰণ ৷ অহা ১৩ নৱেম্বৰত ৰাজ্যৰ আন চাৰিটা বিধানসভা সমষ্টিৰ লগতে অনুষ্ঠিত হ'বলগীয়া চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰ চলাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰৰ মাত্ৰ এদিন পূৰ্বে ৰকিবুল হুছেইনে নগাঁৱত নিজ বাসগৃহত সংবাদ মেলৰ আয়োজন কৰে । কিন্তু ৰকিবুল হুছেইনৰ সংবাদ মেলত বাজিল ‘‘আকৌ এবাৰ মোদী চৰকাৰ’’ গানটো । নিজ বাসগৃহত আয়োজন কৰা সংবাদ মেলত বিজেপিয়ে চামগুৰিত একাংশ শিশুক লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰি বিজেপিৰ এটা সমদলৰ ভিডিঅ' মোবাইলত বজাই দেখুৱাইছিল ৰকিবুল হুছেইনে । বিজেপিৰ ৰেলীৰ ভিডিঅ' প্লে’ কৰাৰ লগে লগেই বাজি উঠে ‘‘আকৌ এবাৰ মোদী চৰকাৰ’’ গানটো ।
চামগুৰিৰ উপ-নিৰ্বাচনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰৰ প্ৰাক-মুহূৰ্তত নগাঁৱত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে আক্ৰমাণাত্মক হৈ পৰে কংগ্ৰেছৰ সাংসদ তথা চামগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ পিতৃ ৰকিবুল হুছেইন ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভীৰু আখ্যা দি ৰকিবুল হুছেইনে কয়, "বৰ্তমান চামগুৰিত তাঞ্জিলৰ প্ৰতিদ্বন্দ্বী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বতাহ চাই পলাই ফুৰা ভীৰু হিমন্ত বিশ্ব শৰ্মা ।’’ কংগ্ৰেছৰ পৰা পলাই হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যোৱা বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ।
সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিকভাৱে সাৱধান হ’বলৈ আহ্বান জনাই চকুৰ লজ্জাৰ বাবে ইমান দিনে নোকোৱা বহু কথাই ৰাজহুৱা কৰাৰ মুকলি হুংকাৰ প্ৰদান কৰে কংগ্ৰেছ নেতা তথা হিমন্ত বিশ্ব শৰ্মাৰ একালৰ বন্ধু ৰকিবুল হুছেইনে ।
চামগুৰিৰ উপ-নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ প্ৰাক-মূহুৰ্তত ড৹ হিমন্ত বিশ্ব শৰ্মাক বতাহত উৰা মানুহ বুলিও আখ্যা দিয়ে ৰকিবুল হুছেইনে । অসমৰ পাঁচখন আসনতেই বিজেপি পৰাজিত হোৱাৰ উমান পাই ঝাৰখণ্ডৰ পৰা উধাতু খাই হিমন্ত বিশ্ব শৰ্মা অসমলৈ অহা বুলি কটাক্ষ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।
ইফালে পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰকিবুল হুছেইনে পুনৰ এবাৰ জিলা প্ৰশাসন তথা, স্থানীয় আৰক্ষীৰ বিৰুদ্ধে পক্ষপাতমূলক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে । চামগুৰিত এতিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এ আই ইউ ডি এফ দলৰ সমৰ্থন ল'বলগীয়া হৈছে বুলিও উল্লেখ কৰি বদৰুদ্দিন আজমলৰ বোকোচাত উঠি হ’লেও হিমন্ত বিশ্ব শৰ্মাই এতিয়া নিজৰ আসন সুৰক্ষিত কৰিব ৰাখিব বিচাৰিছে বুলি কটাক্ষ কৰে ৰকিবুল হুছেইনে ।
সংবাদমেলখনত চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী অথবা আন কোনো নেতাৰ বিপৰীতে কেৱল মুখ্যমন্ত্ৰী আৰু আৰক্ষীৰ বিৰুদ্ধেই সোচ্চাৰ হৈ থাকে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন ।
লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্রী নে অসমৰ মুগেমবু, অসমৰ চৰদাৰ: প্ৰশ্ন মীৰা বৰঠাকুৰ গোস্বামীৰ
অসমৰ মুখ্যমন্ত্ৰী 'লাপাতা' : পৃথ্বিৰাজ সাথে
চামগুৰিত অব্যাহত নিৰ্বাচনী হিংসা; বিধায়কসহ কংগ্ৰেছ নেতাৰ বাহনত আক্ৰমণ