ETV Bharat / state

মাছ ধৰিবলৈ গৈ দৰিকা নদীত সন্ধানহীন

author img

By

Published : Aug 24, 2022, 2:14 PM IST

পুৱতি নিশা মাছ ধৰিবলৈ গৈ দৰিকা নদীত নিখোজ হৈছে এজন লোক । শিৱসাগৰ জিলাৰ অৰ্জ্জুনগুৰিত সংঘটিত হৈছে এই ঘটনাটো । এন ডি আৰ এফে(NDRF)উদ্ধাৰ অভিযানত নামি পৰিছে যদিও লাভ কৰা নাই কোনো সন্ধান ।

Businessman Missing in Darika river
মাছ ধৰিবলৈ গৈ দৰিকা নদীত সন্ধানহীন

শিৱসাগৰ, ২৪ আগষ্ট: শিৱসাগৰ জিলাৰ অৰ্জ্জুনগুৰিত অঘটন । উক্ত অঞ্চলটোৰ ব্যৱসায়ী নুৰুল আহমেদ ওৰফে দাদুমণিয়ে দৰিকা নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে (Businessman Missing in Darika river)। ঘটনাৰ বিৱৰণি মতে, বুধবাৰে পুৱতি নিশা মাছ ধৰিবলৈ দৰিকা নৈলৈ গৈছিল দাদুমণি । কিন্তু অকস্মাতে নৈত পৰি যোৱাত ৪২ বছৰীয়া দাদুমণি সন্ধানহীন হয় ।

উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছত পৰিয়ালৰ লগতে স্থানীয় ৰাইজে বিচাৰ-খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । অৱশ্য়ে ব্যৱসায়ীজনৰ দৰিকা নৈৰ পাৰত তেওঁ ব্য়ৱহাৰ কৰা মটৰ চাইকেলখনৰ লগতে চেণ্ডল আদি উদ্ধাৰ কৰে পৰিয়ালৰ লোকসকলে ।

ব্যৱসায়ীজন সন্ধানহীন হোৱা সন্দৰ্ভত স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীক(NDRF)খবৰ দিয়ে । ইতিমধ্যে এন ডি আৰ এফে উদ্ধাৰ অভিযানত নামি পৰিছে যদিও কোনো সন্ধান লাভ কৰা নাই নুৰুলৰ । অতি শান্ত স্বভাৱৰ দুই সন্তানৰ পিতৃ দাদুমণিৰ আকস্মিক নিৰুদ্দেশে পৰিয়ালটোক চিন্তিত কৰিছে ।

লগতে পঢ়ক:মিছামাৰীৰ ভেৰভেৰি গাঁৱত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.