শিৱসাগৰ, 6 মে': ক’ভিড সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা ৰাজ্যত জাৰি হৈছে নতুন ক’ভিড নিৰ্দেশনা ৷ এই নিৰ্দেশনা অনুসৰি পূৰ্বৰ কিছু নিৰ্দেশনাৰ সলনি কৰা হৈছে ৷ নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন । পূৰ্বে সন্ধিয়া ৬ বজাৰ পাচত বজাৰ বন্ধৰ নিৰ্দেশনা দিছিল, যদিও বুধবাৰৰ পৰা দিনৰ ২ বজাতে সকলো বজাৰ বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷
চৰকাৰে ঘোষণা কৰা এই নিৰ্দেশনাৰ প্ৰতি সকলোৱে সঁহাৰি জনায় যদিও শিৱসাগৰ নগৰত ভিৰৰ লগতে দেখা পোৱা গ'ল ব্যাপক যান-জটঁ ৷ চহৰখনত দিনৰ ২ বজাতে দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হোৱা পৰিলক্ষিত হয় যদিও বিগত বছৰৰ লকডাউনত ক্ষতিগ্ৰস্ত হোৱা ব্যৱসায়ীসকলে এইবেলিও বহু পৰিমাণে ক্ষতিগ্ৰস্ত হ'ব বুলি উল্লেখ কৰে । বিশেষকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী সমূহৰ কঁকাল ভাঙি যাব বুলি ব্যৱসায়ী সকলে মতপোষণ কৰিছে।
লগতে পঢ়ক: নতুন ক’ভিড নিৰ্দেশনাৰ পিছতে বিশ্বনাথত কঠোৰ প্ৰশাসন