ETV Bharat / state

আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে কুখ্যাত অপৰাধী বুবু কোঁৱৰে - assam police

কুখ্যাত অপৰাধী হিচাবে পৰিচিত বুবু কোঁৱৰে ২০০৭ চনত শিৱসাগৰৰ চিকিৎসক মৃদুল দত্তক টীয়ক অঞ্চলত গুলিয়াই হত্যা কৰিছিল ৷ ইয়াৰ উপৰি বহুকেইটা হত্যাকাণ্ডৰ লগত জড়িত বুবু কোঁৱৰৰ বিৰুদ্ধে কংগ্ৰেছ নেতা হেমন্ত বৰুৱাক হত্যা কৰাৰ অভিযোগৰ লগতো নাম সাঙুৰ খাইছিল ৷ অৱশেষত নিহত হ’ল বুবু কোঁৱৰ ৷

bubu konwar died
অসমৰ দুৰ্ধষ অপৰাধী বুবু কোঁৱৰ নিহত
author img

By

Published : Jun 23, 2021, 10:47 PM IST

Updated : Jun 23, 2021, 11:04 PM IST

শিৱসাগৰ, 23 জুন : অসম কঁপোৱা চাঞ্চল্যকৰ কৈলাশ গিনোৰীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা উজনি অসমৰ একাধিক ব্যক্তিৰ চুপাৰী কিলাৰ বুবু কোঁৱৰৰ মৃত্যু ৷ আৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় কুখ্যাত অপৰাধী বুবু কোঁৱৰ । শিৱসাগৰ আৰক্ষীৰ এক বিশেষ অভিযানত গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত দেওপানী সীমান্তৰ আউট প’ষ্টৰ সমীপত বুধবাৰে সন্ধিয়া কুখ্যাত অপৰাধী বুবু কোঁৱৰৰ আৰক্ষীৰ সৈতে হোৱা স‌ংঘৰ্ষত থিতাতে মৃত্যু হয় ৷ বুবু কোঁৱৰৰ মৃত্যুৰ পাচত আৰক্ষীৰ পৰা এই কথা জানিব পৰা গৈছে ।

শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে জনোৱা অনুসৰি, গেলেকী থানাৰ অন্তৰ্গত দুৰ্গম অঞ্চলত আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত বুবু কোঁৱৰৰ মৃত্যু হয় । বিগত ২২ টা বছৰত ৰাজ্যখনৰ আন স্থানৰ লগতে শিৱসাগৰ জিলাখনত সংঘটিত একাধিক হত্যাকাণ্ড আৰু আন আন অপৰাধজনিত ঘটনাৰ মূল অভিযুক্ত আছিল বুবু কোঁৱৰ ৷ অসম-নগালেণ্ড সীমান্ত হালোৱাটিঙত ড্ৰাগছ আৰু গাঞ্জাৰ ব্যৱসায়েৰে ১৯৯৯ চনত অপৰাধ সাম্ৰাজ্যত ভৰি দিয়া বুবু কোঁৱৰে ইয়াৰ পিছতেই আৰম্ভ কৰিছিল গাড়ী চুৰি কাৰ্য ৷

শিৱসাগৰৰ পৰা ভাড়া লৈ গাড়ী লোৱাৰ চলেৰে ইজনৰ পিছত সিজন নিৰীহ চালকক ৰাজপথত হত্যা কৰি গাড়ী লৈ যোৱা বুবু কোঁৱৰে ২০১০ চনত মিটং দলঙৰ সমীপত যোৰহাটৰ নিৱাসী এজন বেংক পৰিচালকক হত্যা কৰিছিল ৷ ২০১১ চনত গৌৰীসাগৰ আৰক্ষী থানাৰ সমীপৰ নগা আলিত এখন বিলাসী গাড়ীৰ চালকক হত্যা কৰি গাড়ী চুৰি কৰি নিয়া বুবু কোঁৱৰৰ হাতত তেৰ জনতকৈও অধিক চালকৰ মৃত্যু হৈছে ৷

গৌৰীসাগৰ চাৰিঙৰ নিৱাসী দুধৰ্ষ ডকাইত অনন্ত খনিকৰক বিশ্বস্ত সংগী কৰি নাগালেণ্ডৰ তুলি আৰু ডিমাপুৰত নিৰাপদ আশ্ৰয়স্থল গঢ়ি তোলা বুবু কোঁৱৰে ডকাইতিৰ সমান্তৰালভাৱে পংখী দত্ত নামৰ এগৰাকী যুৱতীৰ সহযোগত উজনি অসমত প্ৰথমবাৰৰ বাবে হানী ট্ৰেপিং চক্ৰ গঢ়ি তুলিছিল ৷ ২০১৩ চনত এনে হানী ট্ৰেপিং চক্ৰৰ জালত বন্দী কৰি অতি নিৰ্মম ভাৱে হত্যা কৰিছিল যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কৈলাশ গিনোৰীয়াক ৷ এই গোচৰত দুৰ্ধৰ্ষ অপৰাধীটো গ্ৰেপ্তাৰো হৈছিল ৷

আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱালে কুখ্যাত অপৰাধী বুবু কোঁৱৰে

অতি দুৰ্ধৰ্ষ অপৰাধী হিচাবে পৰিচিত বুবু কোঁৱৰে ২০০৭ চনত শিৱসাগৰৰ চিকিৎসক মৃদুল দত্তক টীয়ক অঞ্চলত গুলিয়াই হত্যা কৰিছিল ৷ ইয়াৰ উপৰি বহুকেইটা হত্যাকাণ্ডৰ লগত জড়িত বুবু কোঁৱৰৰ কংগ্ৰেছ নেতা হেমন্ত বৰুৱাক হত্যা কৰাৰ অভিযোগৰ লগতো নাম সাঙোৰ খাইছিল ৷

হালোৱাটিঙৰ এগৰাকী সুৰা ব্যৱসায়ীকো গুলিয়াই হত্যা কৰা বুবু কোঁৱৰে বিয়াগোম ৰাজনৈতিক নেতাৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰৰ সৈতে জড়িত থকা বুলিও চৰ্চা চলিছিল ৷ এইকেইটা হত্যাকাণ্ডৰ সন্দৰ্ভত বুবু কোঁৱৰে কাৰাবাসো খাটিছিল ৷ প্ৰায় ৪০ টাতকৈও অধিক গুৰুতৰ অপৰাধৰ সৈতে জড়িত বুবু কোঁৱৰ অন্তিমবাৰৰ বাবে দিছপুৰ আৰক্ষীৰ জালত বন্দী হৈছিল ৷

ডিমাপুৰত প্ৰতিদ্বন্দী গোটৰ সৈতে হোৱা সংঘৰ্ষত বুবু কোঁৱৰে গুলিৰ আঘাতত বুঢ়া আঙুলি এটা হেৰুৱাইছিল ৷ পৰৱৰ্তী সময়ত নিজৰ অতি বিশ্বস্ত সংগী অনন্ত খনিকৰকো ২০১৫ চনত নাগালেণ্ডত হত্যা কৰি বহুকেইটা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সাক্ষ্য প্ৰমাণ চিৰদিনৰ বাবে লুপ্ত কৰাৰ অভিযোগ উঠিছিল এইজন কুখ্যাত অপৰাধীৰ ওপৰত ।

বিগত বহু কেইটা দশক ধৰি উজনি অসমৰ লগতে অসমৰ অপৰাধ জগত কঁপাই যোৱা বুবু কোঁৱৰৰ মৃত্যুত সৰ্বসাধাৰণ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনে অপৰাধীক আৰক্ষীয়ে কৰায়ত্ত কৰাৰ পাছত কিদৰে বাৰে বাৰে জেলৰ পৰা মুকলি হৈ পুনৰ গুৰুতৰ অপৰাধ সংঘটিত কৰিব পাৰে সেই সন্দৰ্ভত ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক : জিঅ' ট্যুৰিজিমত নতুনকৈ অন্তৰ্ভূক্ত দেশৰ ৩২ খন পৰ্যটনস্থলী

Last Updated : Jun 23, 2021, 11:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.