আমগুৰি, ৬ নৱেম্বৰ: একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহ কেনেকৈ স্বাৱলম্বী হ'ব পাৰে, তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে আমগুৰিৰ এজন কুকুৰা পালকে (Self employment by Brown Egg Project) । যি সময়ত অসমৰ শ শ নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তে এই লোকজন দহজন নিবনুৱাৰ বাবে আদৰ্শ হৈছে ।
ৰাজ্যত বহি:ৰাজ্যৰ কণীৰ মূল্যবৃদ্ধিৰ সময়তে আমগুৰিত ব্ৰাউন কণীৰ প্ৰকল্পৰে ৰাজ্য়বাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে (Brown Egg Project at Amaguri)। এই আঁচনিৰে ৰাজেন গগৈ নামৰ এজন লোকে ১৮০০০ হাজাৰ কুকুৰা পালন কৰি ব্ৰাউন কণী উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে (Poultry farming in Amguri)।
জাঁজী ভেলী সমবায় সমিতি লিমিটেডৰ অধীনত ৰাজেন গগৈয়ে ১২০০ পৰিয়ালক যোগান ধৰিব ১৮০০০ হাজাৰ ক্ৰইলাৰ কুকুৰা (Janji Valley Co-operative Society Limited) । আমগুৰি নগৰৰ কছাৰী লাইনৰ বাসিন্দা গগৈয়ে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে ক্ৰইলাৰ কুকুৰা পালনৰ আঁচনি গ্ৰহণ কৰি বহু শিক্ষিত যুৱকক অন্তৰ্ভুক্ত কৰি লৈছে ।
এই সন্দৰ্ভত তেওঁ কয় যে ৩৬৫ দিনেই কণী পৰা এই কুকুৰা নিৰ্দিষ্ট সময়ত ১২০০ পৰিয়ালক যোগান ধৰিব । দৈনিক এক লাখ কণী উৎপাদনৰ লক্ষ্য স্থিৰ কৰি ৰাজেন গগৈয়ে বহু যুৱকক প্ৰশিক্ষণো প্ৰদান কৰিছে । গ্ৰামাঞ্চলৰ শিক্ষিত যুৱকসকলে যাতে কোনো কাৰণতে অৰ্থনৈতিক সংকটত ভুগিব নালাগে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে ।
কৰ্মৰ জৰিয়তে যাতে নিজৰ ভৰিত থিয় দিব পাৰে সেই উদ্দেশ্য আগত ৰাখি ৰাজেন গগৈয়ে কুকুৰা পালনৰ জৰিয়তে কণী উৎপাদন কৰি অসমৰ বজাৰ দখলৰ প্ৰচেষ্টা হাতত লৈছে । যি সময়ত বহি:ৰাজ্যৰ কণীয়ে অসমৰ বজাৰ দখল কৰিছে তেনে সময়তে আমগুৰিৰ ৰাজেন গগৈয়ে দৈনিক এক লাখ কণী উৎপাদনৰ লক্ষ্য বান্ধি লোৱা বৃহৎ প্ৰকল্পই এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ।
গুডৰিক কোম্পানীৰ চাহ বাগিচাৰ সহকাৰী পৰিচালকৰ পৰা শিক্ষকতা আৰু সাহিত্যৰ ক্ষেত্ৰলৈকে সকলোতে পৰিচিত ৰাজেন গগৈয়ে গ্ৰামাঞ্চলৰ যুৱকৰ আত্মসংস্থাপনৰ বাবে গ্ৰহণ কৰা ব্ৰাউন কণী উৎপাদনৰ বৃহৎ প্ৰকল্পই বিশেষ চৰ্চা লাভ কৰিছে ।